ডিমাপুৰত ধনদাবীৰ ঘটনাত যোৱা ২৪ ঘণ্টাৰ ভিতৰত দুজনক গুলীয়াই আহত

injured-woman-2-570x320

ভীতি প্ৰদৰ্শন বা বল প্ৰয়োগেৰে ধনদাবী কৰা সকলো দল, সংগঠন, ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হ’বলৈ ডিমাপুৰৰ আৰক্ষী আয়ুক্ত তথা জিলা আৰক্ষী অধীক্ষকসকলৰ প্ৰতি স্পষ্ট নিৰ্দেশনা থকা সত্ত্বেও ডিমাপুৰত ধনদাবীৰ ঘটনা হ্ৰাস পোৱা নাই।

যোৱা ২৪ ঘণ্টাৰ ভিতৰত ধনদাবীৰ ঘটনাত দুটাকৈ গুলী চালনাৰ ঘটনা সংঘটিত হয় নাগালেণ্ডৰ গুৰুত্বপূৰ্ণ চহৰখনত।

জানিব পৰামতে, আজি ইয়াৰে নেপালী বস্তিৰ এগৰাকী ৪৫ বছৰীয়া মহিলাক এজন অচিনাক্ত দুৰ্বৃত্তই গুলী কৰি পলাই যায়। মহিলাগৰাকী ৰেখা দাস বুলি জানিব পৰা গৈছে। অঞ্চলটোত তেওঁৰ এখন ৰেষ্টোৰাঁ আছে।

ঘটনাৰ বিৱৰণি মতে, এখন অট’ৰিক্সাত অহা এজন অচিনাক্ত যুৱকে ৰেখা দাসৰ ৰেষ্টোৰাঁখনৰ দাঁতিৰে এখন দোকানৰ পৰা ধন দাবী কৰোত যুৱকজনৰ সৈতে ৰেখা দাসৰ তৰ্কাতৰ্কি হয়। ইয়াৰ পিছতে যুৱকজনে মহিলাগৰাকীক গুলীয়াই তাৰ পৰা পলাই যায়। পেটৰ বাওঁফালে গুলী লগা ৰেখা দাসক ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয়। বৰ্তমান তেওঁ বিপদমুক্ত বুলি চিকিৎসালয়ৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আন এটা ঘটনাত ২২ মাৰ্চৰ আবেলি সময়ত নাগাৰ্জন অঞ্চলত এখন গেলামালৰ দোকানৰ গৰাকীক কোনো অচিনাক্ত দুৰ্বৃত্তই পিছফালৰ পৰা গুলীয়ায়। গাত গুলী লগা, বাঙালী সম্প্ৰদায়ৰ ব্যক্তিজন নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী এছ চি জমিৰৰ পুতেক আমঙৰ ঘৰত ভাৰাত থাকে বুলি সূত্ৰটোৱে জনায়। তেওঁক পিছত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰোৱা হয় আৰু বৰ্তমান সংকটমুক্ত বুলি জনা গৈছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দুয়োটা ঘটনাত এই পৰ্য্যন্ত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।

উল্লেখযোগ্য যে ডিমাপুৰত ব্যৱসায়ীক ধনদাবী, অপহৰণ আদি এটা নিয়মীয়া ঘটনাত পৰিণত হোৱা দেখা গৈছে।