NORTHEAST NOW (Assamese)

ডিমাপুৰত বজাৰত উপলব্ধ বটলৰ পানী খাই অসুস্থ ৩ কাৰ্বি মহিলা

May 23, 2018 10:59 pm · নংনী তেৰাং
প্ৰতিনিধিত্বমূলক ছবি

বজাৰত উপলব্ধ খোৱা পানীৰ বটলৰ পৰা পানী খাই ডিমাপুৰত কালি আবেলি ৩ গৰাকীকৈ কাৰ্বি আংলঙৰ মহিলা অসুস্থ হৈ পৰে। মহিলা কেইগৰাকীক পিছত ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইয়াৰে ডিফু অসামৰিক চিকিৎসালয়ৰ ঔষধ বিভাগত চিকিৎসাধীন হৈ থকা ৰিনা টিমুংপি নামৰ মহিলা গৰাকীয়ে জনোৱা মতে, ডিলাইৰ বৰছিং টেৰাং গাঁৱৰ বাকী দুগৰাকী মহিলাৰ সৈতে তেওঁ কালি ডিমাপুৰৰ ফায়াৰিং বজাৰত তেওঁ শাক-পাচলি বেচিবলৈ গৈছিল।

দিনৰ প্ৰায় ২ বজাত অত্যাধিক গৰম পৰাত তেওঁলোকৰ মাজৰ কা-এট ইংলেংপি নামৰ মহিলা গৰাকীয়ে ওচৰতে থকা পথৰ কাষৰ এখনৰ দোকানৰ পৰা ১ লিটাৰৰ এটা বজাৰত উপলব্ধ খোৱা পানীৰ বটল কিনি আনে। ৩ গৰাকী মহিলাই বটলটোৰ পৰা পানী খোৱাৰ কিছু সময়ৰ পিছতে প্ৰথমে কা-এট ইংলেংপিয়ে ডিঙিৰ বিষ অনুভৱ কৰাৰ লগতে অসুস্থ।

ইয়াৰ পিছতে আন দুগৰাকীয়েও একে অনুভৱ কৰাত তেওঁলোকে বেপাৰ সামৰি ঘৰলৈ ঘূৰি আহে। ডিলাইৰ পৰা তেওঁলোকক এম্বুলেঞ্চেৰে ডিফু অসামৰিক চিকিৎসালয়লৈ লৈ নি নিশা প্ৰায় ৭:৩০ বজাত ভৰ্তি কৰোৱা হয়।

অৱশ্যে আজি তেওঁলোকে কিছু সুস্থ অনুভৱ কৰিছে টিমুংপিয়ে জানিবলে দিয়ে। পানী খাই অসুস্থ হৈ পৰা আনগৰাকী মহিলা হৈছে ললিটা ইংলেংপি।

Related News