NORTHEAST NOW (Assamese)

ডিমাহাচাওত আৰক্ষীৰ গুলীত নিহত দুজন উগ্ৰপন্থী

December 16, 2017 11:23 am · পংকজ কুমাৰ দেব
উগ্ৰপন্থীয়ে অপহৰণ কৰি নিয়া লোকজন

ডিমাহাচাও আৰক্ষীয়ে আজি কাহিলীপুৱাতে অপহৃত মহিন্দ্ৰ ৰায়ৰ সন্ধানত  চলোৱা এক সফল অভিযানত দুজন উগ্ৰপন্থী নিহত হয়। জানিব পৰা মতে  আজি পুৱাই সেনা আৰক্ষীয়ে অসম-মেঘালয় সীমান্তৰ এখন গভীৰ অৰণ্যত চলোৱা যৌথ অভিযানত উগ্ৰপন্থীৰ এটা দলৰ সৈতে মুখা-মুখি সংঘৰ্ষৰ সৃষ্টি হয়। অসম-মেঘালয় সীমান্তৰ গভীৰ অৰণ্যৰ তিনি কিল’মিটাৰ নিলগত আত্মগোপন কৰি থকা উগ্ৰপন্থীৰ দলটোৱে আৰক্ষীক দেখা পাই গুলিবৰ্ষণ কৰিবলৈ ধৰে, আৰক্ষীয়েও প্ৰত্যুত্তৰত  গুলিবৰ্ষণ চলায়। গুলীয়া-গুলীৰ অন্তত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গুলীবিদ্ধ দুজন উগ্ৰপন্থীৰ লগতে এটা ৯ এম এম পিষ্টল আৰু কেইবাজাঁইও গুলী উদ্ধাৰ কৰে।  উল্লেখযোগ্য যে আৰক্ষীয়ে ঘটনাস্থলীৰ  কিছু নিলগৰ পৰা যোৱা ৪ ডিচেম্বৰত মুৰিয়াপ অঞ্চলৰ পৰা উগ্ৰপন্থীয়ে অপহৰণ কৰি নিয়া মহিন্দ্ৰ ৰায়ক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অবশ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গুৰুতৰভাবে আহত উগ্ৰপন্থী দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে। এই পৰ্যন্ত সেনাৰ গুলীত নিহত হোৱা উগ্ৰপন্থী দুজনৰ কোনো পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইয়াৰ উপৰি মৃত  সদস্য দুজন কোন উগ্ৰপন্থী সংগঠনৰ লগত জড়িত, সেয়া আৰক্ষীয়ে বৰ্তমানো নিশ্চিত হোৱা নাই।

 

 

 

 

 

Related News