• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমা হাচাওত অসমৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী জে বি হাগজেৰৰ জন্ম বাৰ্ষিকী উদযাপন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 2, 2018 6:37 pm
2.5k
VIEWS
Share on FacebookShare on Twitter

নতুন ডিমা হাচাওৰ নিৰ্মাতা জয় ভদ্ৰ হাগজেৰৰ ১০৪ সংখ্যক জন্ম বাৰ্ষিকী আজি সমগ্ৰ ডিমা হাচাও জিলাৰ লগতে সদৰ হাফলঙৰ কালচাৰেল হল ইনস্টিটিউটত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত উলহ মালহৰে উদযাপন কৰা হয়।

উদযাপন অনুষ্ঠানটোত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেবলাল গাৰ্লচা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জে বি হাগজেৰৰ পুত্ৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তথা হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ সন্মানীয় অতিথি হিচাপে থাকে।

ইয়াৰোপৰি স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচা, ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা, ডিমাচা এপেক্স বডি জে এন এইচ সভাপতি কল্যাণ দাওলাগুপু প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে জে বি হাগজেৰৰ প্ৰতিকৃতিত মুখ্য অতিথি চি ই এম দেবলাল গাৰ্লচায় পুষ্পাৰ্ঘ নিবেদনৰ লগতে বন্তি প্ৰজ্জ্বলন কৰে। অনুষ্ঠানটোত চি ই এম গাৰ্লচাৰ লগতে জিলা উপায়ুক্ত ৰাজখোৱা জে বি হাগজেৰৰ পুত্ৰ বীৰভদ্ৰ হাগজেৰ, পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচা প্ৰমুখ্যে ব্যক্তিসকলে বক্তব্য ৰাখে।

জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই অসমৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী হাগজেৰৰ কৰ্ম তথা ৰাজনৈতিক জীৱনৰ ওপৰত আলোকপাত কৰি কয় যে হাগজেৰ এগৰাকী বিৰল ব্যক্তিত্ব আছিল। তেওঁৰ একান্ত প্ৰচেষ্টাতে পাৰ্বত্য জিলাখনৰ গ্ৰামাঞ্চলত প্ৰাথমিক বিদ্যালয় গঢ়ি উঠে।

বিধায়ক পুত্ৰ বি বি হাগজেৰে কয় যে তেওঁৰ পিতৃয়ে সদায় জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উন্নয়নৰ হকে চিন্তা কৰিছিল। তেওঁ নব প্ৰজন্মক জে বি হাগজেৰৰ আদৰ্শ অনুসৰণ কৰি আগুৱাই যোৱাৰ আহ্বান জনায়।

১৯৫২ চনত পাৰ্বত্য পৰিষদৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত হাগজেৰে নিজে চি ই এম পদ এৰি সেই পদ চি এইচ খটলাঙক দিয়াৰ কথা উল্লেখ কৰি জে এন এইচৰ সভাপতি কল্যাণ দাওলাগুপুই জে বি হাগজেৰক ডিমা হাচাওৰ মহাত্মা গান্ধী বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে ১৯১৪ চনৰ ২ এপ্ৰিলত হাফলং সমীপৱৰ্ত্তী নানাদিচা গাঁৱত জন্মগ্ৰহণ কৰা হাগজেৰ ডিমা হাচাও জিলাৰ প্ৰথম স্নাতক আছিল। ইয়াৰোপৰি তেওঁ গোপীনাথ বৰদলৈৰ নেৰ্তৃত্ব গঠন হোৱা স্বাধীন অসমৰ প্ৰথম মন্ত্ৰী সভাৰ শিক্ষামন্ত্ৰী আছিল।

ডিমা হাচাও জিলা কংগ্রেস কমিটিৰ ফালৰ পৰাও হাগজেৰৰ ১০৪ সংখ্যক জন্ম বাৰ্ষিকীৰ আয়োজন কৰা হয়। ইয়াৰ উপৰি মাইবাঙ, উমৰাঙচু, দিয়ুঙব্ৰা, লাঙটিঙ, হাতিখালী আদি ঠাইত জে বি হাগজেৰক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd