নতুন ডিমা হাচাওৰ নিৰ্মাতা জয় ভদ্ৰ হাগজেৰৰ ১০৪ সংখ্যক জন্ম বাৰ্ষিকী আজি সমগ্ৰ ডিমা হাচাও জিলাৰ লগতে সদৰ হাফলঙৰ কালচাৰেল হল ইনস্টিটিউটত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত উলহ মালহৰে উদযাপন কৰা হয়।
উদযাপন অনুষ্ঠানটোত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেবলাল গাৰ্লচা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জে বি হাগজেৰৰ পুত্ৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তথা হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ সন্মানীয় অতিথি হিচাপে থাকে।
ইয়াৰোপৰি স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচা, ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা, ডিমাচা এপেক্স বডি জে এন এইচ সভাপতি কল্যাণ দাওলাগুপু প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানৰ আৰম্ভণিতে জে বি হাগজেৰৰ প্ৰতিকৃতিত মুখ্য অতিথি চি ই এম দেবলাল গাৰ্লচায় পুষ্পাৰ্ঘ নিবেদনৰ লগতে বন্তি প্ৰজ্জ্বলন কৰে। অনুষ্ঠানটোত চি ই এম গাৰ্লচাৰ লগতে জিলা উপায়ুক্ত ৰাজখোৱা জে বি হাগজেৰৰ পুত্ৰ বীৰভদ্ৰ হাগজেৰ, পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচা প্ৰমুখ্যে ব্যক্তিসকলে বক্তব্য ৰাখে।
জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই অসমৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী হাগজেৰৰ কৰ্ম তথা ৰাজনৈতিক জীৱনৰ ওপৰত আলোকপাত কৰি কয় যে হাগজেৰ এগৰাকী বিৰল ব্যক্তিত্ব আছিল। তেওঁৰ একান্ত প্ৰচেষ্টাতে পাৰ্বত্য জিলাখনৰ গ্ৰামাঞ্চলত প্ৰাথমিক বিদ্যালয় গঢ়ি উঠে।
বিধায়ক পুত্ৰ বি বি হাগজেৰে কয় যে তেওঁৰ পিতৃয়ে সদায় জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উন্নয়নৰ হকে চিন্তা কৰিছিল। তেওঁ নব প্ৰজন্মক জে বি হাগজেৰৰ আদৰ্শ অনুসৰণ কৰি আগুৱাই যোৱাৰ আহ্বান জনায়।
১৯৫২ চনত পাৰ্বত্য পৰিষদৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত হাগজেৰে নিজে চি ই এম পদ এৰি সেই পদ চি এইচ খটলাঙক দিয়াৰ কথা উল্লেখ কৰি জে এন এইচৰ সভাপতি কল্যাণ দাওলাগুপুই জে বি হাগজেৰক ডিমা হাচাওৰ মহাত্মা গান্ধী বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে ১৯১৪ চনৰ ২ এপ্ৰিলত হাফলং সমীপৱৰ্ত্তী নানাদিচা গাঁৱত জন্মগ্ৰহণ কৰা হাগজেৰ ডিমা হাচাও জিলাৰ প্ৰথম স্নাতক আছিল। ইয়াৰোপৰি তেওঁ গোপীনাথ বৰদলৈৰ নেৰ্তৃত্ব গঠন হোৱা স্বাধীন অসমৰ প্ৰথম মন্ত্ৰী সভাৰ শিক্ষামন্ত্ৰী আছিল।
ডিমা হাচাও জিলা কংগ্রেস কমিটিৰ ফালৰ পৰাও হাগজেৰৰ ১০৪ সংখ্যক জন্ম বাৰ্ষিকীৰ আয়োজন কৰা হয়। ইয়াৰ উপৰি মাইবাঙ, উমৰাঙচু, দিয়ুঙব্ৰা, লাঙটিঙ, হাতিখালী আদি ঠাইত জে বি হাগজেৰক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।