ডিমা হাচাওৰ গুলীচালনাক মানৱ অধিকাৰ উলংঘনৰ ঘটনা আখ্যা এবছুৰ

‘মাইবাঙত ২৫ জানুৱাৰিত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ গুলীবৰ্ষণ ভাৰতীয় গণতন্ত্ৰত হোৱা অসভ্য মানৱ অধিকাৰ উলংঘন।’ মাইবাঙত কালি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলী চলোৱা ঘটনাক গৰিহণা দি আজি এইদৰে মত প্ৰকাশ কৰিছে এবছুৱে।

আজি এন ই নাওলৈ প্ৰেৰণ কৰা সংগঠনটোৰ সভাপতি প্ৰমোদ বড়ো স্বাক্ষৰিত এক বিবৃতিত কোৱা হৈছে যে, ‘গণৰাজ্য দিৱস উদযাপনৰ এই মুহূৰ্তত মাইবাঙত প্ৰতিবাদকাৰীৰ ওপৰত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় ব্যৱস্থাৰ গৰিহণা দিব লগা হোৱাত আমি দুঃখিত। প্ৰত্যেকগৰাকী নাগৰিকৰ অধিকাৰ আৰু জীৱন সুৰক্ষাৰ নিশ্চিতি দিয়া এখন সংবিধান থকা ভাৰতীয় গণতন্ত্ৰৰ ৬৯ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ মুহূৰ্তত ই অতি লজ্জাজনক বিষয়।’

‘ঘটনাৰ উপযুক্ত তদন্ত’ আৰু ‘ভাৰতীয় গণতন্ত্ৰৰ মূল নীতিকে তাচ্ছিল্য কৰা এনে অমানৱীয় কাৰ্য্য সংঘটিত কৰা আৰক্ষী সকলৰ শাস্তি’ দাবী কৰি সংগঠনটোৱে কয় যে, ‘বৃ্হত্তম গণতন্ত্ৰ হিচাপে এই দেশ ৰাষ্ট্ৰীয় বাহিনীসমূহৰ অধিক বিবেচক প্ৰতিৰোধী পদক্ষেপৰ যোগ্য।’

এবছুৰ বিবৃতিটোত লগতে কোৱা হৈছে যে ‘প্ৰতিবাদকাৰীসকলৰ ক্ষেত্ৰত স্বৈৰাচাৰী শাসকৰ অস্ত্ৰ গুলীচালনা পৰিহাৰ কৰিও চলিব পৰা গ’লহেঁতেন।’

ডিমা হাচাওৰ প্ৰতিবাদকাৰীসকলৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰি এবছুৱে কয় যে নাগা সমস্যা সমাধানৰ নামত চৰকাৰে ডিমাচাসকলৰ সাংস্কৃতিক, নৃগোষ্ঠীয় ঐতিহাসিক পৰিচয়ক গুৰুত্বহীন কৰি তুলিব খোজা উচিত নহয়।

এবছুৱে ২৮ জানুৱাৰিত সন্ধিয়া ৫ বজাত সকলো জিলা সদৰতে জোঁৰ সমদল উলিয়াব। বৰ্তমানৰ চৰকাৰক গণতন্ত্ৰৰ তাৎপৰ্য্য বুজাই আৰু প্ৰতিবাদকাৰী নাগৰিকসকলক অধিক মানৱীয় ব্যৱহাৰ কৰা আৰু তেওঁলোকৰ দাবীসমূহ সমাধান কৰাৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

অসম চৰকাৰে ভৱিষ্যতে কোনো প্ৰতিবাদকাৰীৰ ওপৰতে এনে নৃশংস অত্যাচাৰ নোহোৱাতো আৰু চৰকাৰ আৰু ৰাষ্ট্ৰৰ গণতান্ত্ৰিক বৈশিষ্ট্য বজাই ৰখাতো নিশ্চিত কৰিবই লাগিব বুলি এবছুৱে বিবৃতিটোত উল্লেখ কৰিছে।

এবছুৱে লগতে আহতসকলক চিকিৎসাৰ বাবে ৫ লাখকৈ আৰু নিহতসকলক ৫০ লাখ টকা ক্ষতিপূৰণ দিবলৈ দাবী জনায়।