ডিমা হাচাও সদায় অসমৰ আছিল, সদায় অসমৰ হৈ থাকিব

Maibong_1

ডিমা হাচাও সদায় অসমৰ আছিল, আৰু সদায় অসমৰ হৈ থাকিব -এই কথা আজি দৃঢ়তাৰে আওৰায় আছু আৰু ২৮টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে। ডিমা হাচাও বিষয়টোত আজি আছু আৰু ২৮ টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে এই ঐক্যবদ্ধ আৰু দৃঢ় স্থিতি প্ৰকাশ কৰিছে।

ডিমাচা ছাত্ৰ সন্থাৰ উদ্যোগত আজি মাইবাঙত আছু আৰু ২৮ টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকল এখন সভাত মিলিত হয়। সভাখন অনুষ্ঠিত হৈছিল ডিচৰু ক্লাব ফিল্ডত। দুপৰীয়াৰ ভাগত অনুষ্ঠিত এই সভাত স্থানীয় লোকসকলে ব্যাপক সঁহাৰি দিয়ে। প্ৰায় ৫ হাজাৰ মান স্থানীয় লোকে হিল-দল ভাঙি আহি যোগদান কৰেহি। ইয়াৰ পৰাই বুজা যায় যে অঞ্চলটোৰ মানুহ এতিয়াও বিষয়টোক লৈ অতি সংবেদশীল অৱস্থাত আছে।

উল্লেখযোগ্য যে মাইবাঙত ডিমা হাচাওক নাগালিমত অন্তৰ্ভুক্ত কৰিব লাগে বুলি এজন আৰ এছ এছৰ নেতাই কৰা মন্তব্যৰ প্ৰতিবাদস্বৰূপে যোৱা ২৫ জানুৱাৰিত স্থানীয় ৰাইজে অৱস্থান ধৰ্মঘট কৰিছিল। কিন্তু অপ্ৰৰোচিতভাৱে আৰক্ষীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলী চলোৱাত কেইবাজনো লোক আহত হৈছিল, যাৰ মাজৰে দুজনৰ পিছত মৃত্যু হৈছিল।

আনহাতে আজিৰ সভাখনত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই কয় যে অসমৰ কথাত মাত মাতিবলৈ জগদম্বা মাল কোন? আৰ এছ এছেই হওক আন কোনো সংগঠনৰ মানুহেই হওক, এনে কথা ক’বলৈ অধিকাৰ ক’ত পালে? তেওঁ কয় যে চৰকাৰে অসমৰ মানুহৰ কথা শুনিব লাগিব।

 

সমুজ্জ্বলৰ উপৰি এবছুৰ প্ৰমেদ বড়োৱে কয় যে উগ্ৰপন্থীয়ে মানুহ মাৰিলে চৰকাৰে শূন্য সহনশীলতাৰ কথা কয়। চৰকাৰে মানুহ মৰাৰ ক্ষেত্ৰত এই শূন্য সহনশীলতা ক’ত যায়?

আনহাতে চৰকাৰে গুলী চালনাৰ ঘটনাত আহত হৈ মৃত্যু হোৱা নিহতসকলৰ আত্মীয়লৈ আগ বঢ়োৱা ৫ লাখ টকা পৰিয়ালৰ লোকে ল’বলৈ অস্বীকাৰ কৰিছে। এই পৰিমাণ ২০ লাখ কৰিবলৈ স্থানীয় লোকসকলে দাবী কৰিছে।

আজিৰ সভাত সমবেত লোকসকলে আৰ এছ এছ গ’ বেক ধ্বনি দিয়ে। তেওঁলোকে চৰকাৰৰ বিৰুদ্ধেও বিভিন্ন শ্ল’গান দিয়ে।

আনহাতে আজি মাইবাঙত মাৰ্চেণ্ট এছ’চিয়েশ্যনে উক্ত দিনাৰ ঘটনাৰ প্ৰতিবাদ মৌন সমদল উলিয়ায়, য’ত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।