ডিমৌত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই তেল চোৰৰ এক ভাণ্ডাৰ উৎখাত কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে শনিবাৰে নিশা ডিমৌৰ মচকৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বাসগৃহত গোপনে চাৰিখন টেংকাৰৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ধৰা পেলাবলৈ সক্ষম হয়।
অৱশ্যে আৰক্ষীৰ অভিযানকালত এজন চালকৰ বাহিৰে তেল চোৰ চক্ৰৰ বাকী সদস্য কেইজন নিশা আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য মতে ডিমৌ মচকৰাৰ প্ৰয়াত হৰেশ গোহাঁই নামৰ লোকজনৰ বাসগৃহতে এই তেল চোৰ চক্ৰই তেল চুৰি কাৰ্য চলাই আহিছিল।
আনহাতে শনিবাৰে আৰক্ষীৰ অতৰ্কিত অভিযানত তেল চোৰ চক্ৰটো পলাই যায় যদিও আৰক্ষীয়ে এ এছ ০৭ এ ৪৩০৮, এ এছ ০৬ চি ৪৮৩৭, এ এছ ০৭ এ চি ৪৬৮১ আৰু এ এছ ২৩ বি চি ৫৩৪৫ নম্বৰৰ টেংকাৰ কেইখন জব্দ কৰিবলৈ সক্ষম হয়। লগতে তেল চোৰৰ গোদামৰ পৰা আৰক্ষীয়ে দুটা ইলেক্ট্ৰনিক মটৰ, ৪০ টাৰো অধিক ডিজেলভৰ্তি ড্ৰাম আৰু পাইপকে ধৰি আৰু বহু সামগ্ৰী জব্দ কৰে।