ডিমৌত ছাত্ৰ একতা সভাৰ উদ্যোগত অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বকীয়তা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত প্ৰতিবাদী সমদল

বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ ডিমৌত ডিমৌ মহাবিদ্যালয় ছাত্র একতা সভাৰ উদ‍্যোগত আৰু ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ  লগতে ডিমৌৰ বিভিন্ন জাতীয় দল-সংগঠনৰ সহযোগত অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বকীয়তা অক্ষুন্ন ৰখাৰ স্বাৰ্থত এক প্ৰতিবাদী সমদল উলিয়ায়।

উক্ত সমদলত মহাবিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল আৰু সংগঠন সমূহৰ বিষয়ববীয়া সকলে ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহি ‘অসম চৰকাৰ হুঁচিয়াৰ, আমাৰ দাবী মানিব লাগিব, শিক্ষা মন্ত্ৰী মুর্দাবাদ, শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি নেখেলিব, জয় আই অসম’ আদি শ্ল’গানেৰে ডিমৌ নগৰ কঁপাই তোলে।

সমদলটোত ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ প্ৰতীম চেতিয়া, সম্পাদক গৌতম বৰা , অসমীয়া যুৱ মঞ্চৰ সভাপতি ধ্ৰুৱ বৰুৱা, সম্পাদক হোমেন গগৈ আদিৰ লগতে আন আন বিষয়ববীয়া সকলো উপস্থিত থাকে।

উল্লেখযোগ্য যে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম মহিলা বিশ্ববিদ্যালয়খন উচ্চ শিক্ষানুষ্ঠান কৰিব বুলি প্ৰকাশ কৰাৰ পাছতে উজনি অসম আৰু উত্তৰ অসমৰ প্ৰতিখন জিলাৰ মহাবিদ‍্যালয় সমূহত প্ৰতিবাদৰ ঢৌ উঠে।

প্ৰথমখন অসম মহিলা বিশ্ববিদ্যালয়ক পূৰ্ণাংগ বিশ্ববিদ্যালয়লৈ উত্তৰণ ঘটাই স্থায়ী উপাচাৰ্য নিযুক্তিৰ দাবীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ আহ্বানত বিভিন্ন জিলাৰ মহাবিদ‍্যালয়ত প্ৰতিবাদ কাৰ্যসূচী চলি আছে। ইয়াৰে অংশ হিচাপে বৃহস্পতিবাৰে ডিমৌতো প্ৰতিবাদী সমদল উলিওৱা হয়।