NORTHEAST NOW (Assamese)

ডিমৌত তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ মহকুমা সমিতিৰ ত্ৰি-বাৰ্ষিক প্ৰতিনিধি সভা

June 26, 2018 10:53 pm · হিতোজ্বল চেতিয়া

ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ আতিথ্যত আজি ডিমৌৰ বহুমুখী ভৱনত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ মহকুমা সমিতিৰ ত্ৰি-বাৰ্ষিক প্ৰতিনিধি সভা অনুষ্ঠিত হয়।

পুৱা জিলা উপ-সভাপতি গোবিন গগৈয়ে সন্থাৰ পতাকা উত্তোলন কৰাৰ পিছতেই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আৰু তাই আহোমক জনজাতিকৰণৰ দাবীত ডিমৌৰ আকাশ বতাহ কঁপাই এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা হয়।

‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ’, ‘বিজেপি লেই লেই চেই চেই’ আদি শ্ল’গানেৰে আটাছু নেতৃত্বই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

মহকুমা সমিতিৰ সভাপতি জয়ন্ত সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ প্ৰতিনিধি সভাত আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়া, সভাপতি লিটুল বুঢ়াগোঁহাই, উপ-সভাপতি বসন্ত গগৈ, সাংগঠনিক সম্পাদকদ্বয় প্ৰশান্ত বৰগোঁহাই আৰু ভাস্কৰ বৰগোঁহাইৰ লগতে জিলাৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰি শিৱসাগৰ মহকুমাৰ অন্তৰ্গত শতাধিক আঞ্চলিক সমিতিৰ তিনিশতাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।

উক্ত সভাত সভাপতি হিচাপে চন্দন গগৈ, কাঃ সভাপতি সন্দিপ গগৈ, যুটীয়া সম্পাদক হিচাপে ধৰ্মেন গগৈ আৰু দিনেশ গগৈক নিৰ্বাচিত কৰি ৪১ জনীয়া এখন শক্তিশালী সমিতি আগন্তুক দুটা বৰ্ষৰ বাবে গঠন কৰা হয়।

Related News