NORTHEAST NOW (Assamese)

ডিমৌত পাঁচ কিলোগ্ৰাম ওজনৰ সন্তান প্ৰসৱ কৰোৱাত সফল হ’ল ডিমৌ আদৰ্শ চিকিৎসালয়ৰ প্ৰসূতি বিভাগ

December 7, 2017 12:38 pm · হিতোজ্জ্বল চেতিয়া
Updated: December 7, 2017 12:39 pm
ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰী।

শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ আদৰ্শ চিকিৎসালয়ৰ প্ৰসূতি বিভাগটোৱে জিলাখনৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰাৰ কেইদিনমানৰ পাছতে যোৱা ৫ ডিচেম্বৰত বিভাগটোৰ চিকিৎসকসকলে আন এক সফলতা লাভ কৰিছে। তেওঁলোক স্বাভাৱিকতকৈ বহু বেছি ওজনৰ সন্তান ধাৰণ কৰা এগৰাকী প্ৰসূতিক সফল অস্ত্ৰোপচাৰ জৰিয়তে এটি সুস্থ সন্তান জন্ম দিয়াবলৈ সক্ষম হয়। ৫ কেজি ওজনৰ পুত্ৰ সন্তানটি প্ৰসৱ কৰা মহিলাগৰাকীৰ নাম হ’ল ৰুবী চেতিয়া। তেওঁৰ স্বামীৰ নাম নোমল চেতিয়া। তেওঁলোকৰ ঘৰ ডিমৌৰ আঠাবাৰীত। উল্লেখযোগ্য যে জন্মৰ সময়ত এটি সন্তানৰ গড় ওজন হ’ল ২.৭ কিলোগ্ৰাম। গতিকে গড় ওজনতকৈ প্ৰায় দুগুণ ওজনৰ এই সন্তানটিক প্ৰসৱ কৰোৱাত যথেষ্ট জটিলতা আছিল। কিন্তু দক্ষ চিকিৎসক-নাৰ্ছৰ দলটোৱে এই কামটো সফলতাৰে কৰে। এই অস্ত্ৰোপচাৰৰ দায়িত্বত আছিল ডাঃ সীমান্তজ‍্যোতি টায়ে, সংজ্ঞাহাৰক চিকিৎসক সুৰজিৎ গিৰি, ডিম্পী দাস আৰু নীলোৎপল শৰ্মা। তেওঁলোকে প্ৰায় ডেৰ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত সফলতাৰ মুখ দেখে আৰু সন্তান তথা মাতৃক স্বাভাৱিক তথা সুস্থভাৱে ৰাখিবলৈ সক্ষম হয়। উল্লেখযোগ‍্য যে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ প্ৰসূতি বিভাগ যোৱা নৱেম্বৰ মাহত ৬৫টাকৈ সফল অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান প্ৰসৱ কৰোৱাত সফল হয়।

Related News