NORTHEAST NOW (Assamese)

ডিমৌত ২৯-৩০ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন

April 25, 2018 12:50 pm · হিতোজ্বল চেতিয়া

ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু সমূহ ডিমৌবাসী ৰাইজৰ সহযোগত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অহা ২৯ আৰু ৩০ এপ্ৰিলত ডিমৌ ৰাজহুৱা খেলপথাৰত উদাপন কৰা হ’ব ২৬ সংখ্যক ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ।

২৯ এপ্ৰিলৰ দিনা পুৱাই বিহুৰ পতাকা উত্তোলন কৰিব ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ সভাপতি হৰেশ সন্দিকৈ  আৰু ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দীপাংকৰ প্ৰতিম চেতিয়া।

ইফালে বিহু সন্মিলনৰ লগত সংগতি ৰাখি প্ৰথম দিনা অনুষ্ঠিত হ’ব বিভিন্ন প্ৰতিযোগিতা। দিনৰ ১১.৩০ বজাৰ পৰা কণীযুঁজ আৰু পিঠা-পনা প্ৰতিযোগিতা, দিনৰ এক বজাত  বিহুনাচ প্ৰতিযোগিতা, বিয়লি পাঁচ বজাৰ পৰা বিহুৱতী আৰু ৰূপেশ্বৰ চেতিয়া সোঁৱৰণি হুঁচৰি প্ৰতিযোগিতা।

আনহাতে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি দিনৰ ১২ বজাত ঢোল বাদন আৰু দিনৰ এক বজাৰ পৰা জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

দ্বিতীয় দিনাৰ অন্তিম কাৰ্যসূচী হিচাপে সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে আৰু  গীত পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় গায়ক দিক্ষুৱে।

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্র সন্থাৰ উপ সভাপতি মাণিক গগৈ, শিক্ষা সম্পাদক শৰৎ হাজৰিকা। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ সভাপতি অসীম দত্ত, ভাৰপ্রাপ্ত সম্পাদক অমূল্য গগৈ উপস্থিত থাকিব বুলি আয়োজক সন্থাই জানিবলৈ দিয়ে।

Related News