NORTHEAST NOW (Assamese)

ডিমৌৰ ঐতিহাসিক কমলদৈ পুলৰ ক্ষতিসাধন হোৱা কাৰ্যত দল-সংগঠনৰ প্ৰতিক্ৰিয়া

May 7, 2018 12:07 pm · হিতোজ্জ্বল চেতিয়া
Updated: May 7, 2018 12:20 pm

শিৱসাগৰ জিলাৰ ঐতিহাসিক ডিমৌৰ বৰবৰুৱা পথত থকা কমলদৈ পুলটো অ’ এন জি চিৰ গাড়ীয়ে ক্ষতিসাধন কৰা কাৰ্যত সমগ্ৰ অঞ্চলটোতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ডিমৌৰ পৰা  নিতাই আৰু পানীদিহিং অঞ্চলৰ সৈতে সংযোগ স্থাপন কৰা গুৰুত্বপূৰ্ণ ডিমৌ-নিতাই পথৰ কমলদৈ পুলত থকা ঐতিহাসিক পকী পুলটো অলপতে অ’ এন জি চিৰ তেল খাদলৈ চলাচল কৰা গধুৰ যান বাহনে ক্ষতিগ্ৰস্ত কৰে। যাৰ ফলত ঐতিহাসিক পুলটোৰ বেছিভাগ অংশ ভাঙি পৰে।

উল্লেখ্য যে ইংৰাজ শাসনৰ দিনতে নিৰ্মাণ কৰা এই পুলটোৰ এনেদৰে ক্ষতিসাধন হোৱা কাৰ্যত স্থানীয় ৰাইজৰ লগতে টাই আহোম ছাত্র সন্থাৰ ডিমৌ আঞ্চলিক সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সংগঠনটোৱে অ’ এন জি চি কৰ্তৃপক্ষৰ সৈতে এই সম্পৰ্কত যোগাযোগ কৰি ক্ষতিসাধন হোৱা ঐতিহাসিক পুলটো শীঘ্ৰে মেৰামতি কৰাৰ বাবে দাবী জনায়।

অ’ এন জি চিৰ বাহনে ক্ষতিসাধন কৰা পুলটো যদি অনতি পলমে মেৰামতি কৰি নিদিয়ে তেন্তে উক্ত পথেৰে কোনো ধৰণৰ অ’ এন জি চিৰ গাড়ী চলাচল কৰিবলৈ দিয়া নহ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি টাই আহোম ছাত্র সন্থাৰ ডিমৌ আঞ্চলিক সমিতিৰ সম্পাদক সুমিত সন্দিকৈয়ে  সকীয়াই দিয়ে।

Related News