ডি ভোটাৰৰ নামত হাৰাশাস্তি : বিশ্বনাথ চাৰিআলিত আমছুৰ মুখ্য মন্ত্ৰী সোণোৱালৰ প্ৰতিমূৰ্তি দাহ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু প্ৰত্যক্ষ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্রস্তুতকৰণৰ কাম চলি থকাৰ মাজতে ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি অসম আৰক্ষীৰ সীমান্ত বাহিনীয়ে ডি ভোটাৰৰ নামত একাংশ লোকক হাৰাশাস্তি কৰি অহা কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ য়ুনিয়ন।
ফলত সীমান্ত আৰক্ষীৰ এনে কৰ্মৰাজিৰ প্ৰতিবাদত আজি সমগ্ৰ অসমৰ লগতে আমছুৰ বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ চাৰিআলি পুলিচ পইণ্টত অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।
এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপিত ছাইফুদ্দিন আহমেদ। আমছুৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আমিল হক, সাধাৰণ সম্পাদক বাহাৰুল ইছলাম আৰু বিশ্বানাথ জিলা সমিতিৰ আন আন বিষয়া সকল।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে ‘অসম চৰকাৰ হায়, হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰৰ গৃহ বিভাগ হায় হায়, সীমান্ত আৰক্ষী হায় হায়, সীমান্ত আৰক্ষী মুৰ্দাবাদ, ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰক, অসম চুক্তিৰ আধাৰত বিদে‌শী বহিষ্কাৰ কৰক, সীমান্ত আৰক্ষীয়ে ডি-ভোটাৰ সজোৱা ষড়যন্ত্ৰ বন্ধ কৰক’ আদি শ্ল’গানেৰে বিশ্বনাথ জিলাৰ চাৰিআলি পুলিচ পইণ্টত পৰিবেশ উত্তাল কৰি তোলে।
উল্লেখযোগ্য যে লাখ লাখ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ সীমান্ত বাহিনীয়ে অতি সুপৰিকল্পিত আৰু ষড়যন্ত্ৰমূলক ভাবে ডি-ভোটাৰ আৰু সন্দেহজনক নাগৰিকৰ নামত ৰুজু কৰা মিছা, ভুৱা গোচৰৰ ভিত্তিত বিদেশী ন্যায়াধীকৰণে নির্বিচাৰে জাননী প্রেৰণ কৰি এই সকল ভাৰতীয় লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পেলোৱা ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আমছুৱে অভিযোগ উত্থাপন কৰিছে।
মন কৰিব লগীয়া যে ৭-৮ বছৰীয়া লৰা-ছোৱালীকো সীমান্ত বাহিনীয়ে ডি ভোটাৰৰ জাননী প্রেৰণ কৰিছে।