ডুমডুমাৰ ৰূপাইৰ হত্যাকাণ্ডৰ লগত জড়িতৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ

943c28c2-2474-437b-9aa3-c04036ff13dd

ডুমডুমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দুজন লোকক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ সৈতে জড়িত ৬জনক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মন্টূ মৰাণ, নিৰন্ত বৰুৱা, ৰমেশ মহন্ত, বিজয় বাৰ্মা, ক্ষীতিশ বৰুৱা নামৰ লোককেইজনৰ লগতে এগৰাকী মহিলাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে এই ঘটনাত জড়িত ৰূপান্তৰ মৰাণ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

যোৱা ১৮ মে’ৰ সন্ধিয়া ডুমডুমা থানাৰ অন্তৰ্গত ৰূপাইৰ আনন্দ আগৰৱালা নামৰ ব্যৱসায়ীগৰাকীৰ প্ৰতিষ্ঠানত ডকাইতৰ দলে প্ৰৱেশ কৰি টকা লুটি নিয়াৰ চেষ্টা চলাইছিল। উক্ত ব্যৱসায় প্ৰতিষ্ঠানৰ গৰাকী আৰু কৰ্মচাৰীয়ে বাধা প্ৰদান কৰাত ডকাইতৰ দলে গুলীচালনা কৰাৰ ফলত দুজনকৈ লোকৰ মৃত্যু হৈছিল। ডকাইতৰ গুলীত নিহত হৈছিল ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী জিৎ বাৰ্মা আৰু এজন গ্ৰাহক ৰমাকান্ত দেউৰীৰ।

ইয়াৰ পিছতে ডকাইতৰ দলটোৰ সৈতে জড়িত এজন লোকক আটক কৰি যোৱা দুদিন ধৰি চলোৱা জেৰাৰ অন্তত শনিবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৬জনকৈ লোকক। তিনিচুকীয়া জিলাৰ ডুমডুমা, ৰূপাই, ধলা, শদিয়া আৰু কাকপথাৰৰ পৰা শনিবাৰে নিশা আৰক্ষীয়ে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰে।

তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত, উপ–আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত ডুমডুমা, ধলা, তালাপ, কাকপথাৰ আৰু শদিয়া আৰক্ষীৰ সহযোগত চলোৱা অভিযানত এগৰাকী মহিলা আৰু এজন শিক্ষকসহ উক্ত লোককেইজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে কাকপথাৰৰ শিক্ষক ৰমেশ মহন্ত, তালাপৰ বিজয় বাৰ্মা, জকাইচুকৰ মণ্টু মৰাণ, শদিয়াৰ নিৰঞ্জণ বৰুৱা, ক্ষিতীশ বৰুৱা আৰু ৰূপাইৰ পৰা দিপালী বৰশইকীয়া নামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে কাকপথাৰৰ শিক্ষক ৰমেশ মহন্তই পিষ্টল যোগান ধৰাৰ লগতে তালাপৰ বিজয় বাৰ্মাই ধন দাবী, অপহৰণ কাণ্ডসমূহৰ পৰিকল্পনা কৰিছিল। ধৃত ৰমেশ মহন্ত টঙনা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক বুলি জানিব পৰা গৈছে।

ডুমডুমাৰ এই ঘটনাৰ ২৪ ঘন্টাৰ ভিতৰত আৰক্ষীয়ে সফলতা লাভ কৰাত ৰাইজে তিনিচুকীয়া আৰক্ষীক আদৰণি জনাইছে।