ডিমা হাচাও জিলাৰ মাইবং উপ সংমণ্ডলৰ নবদি লাংটিং গাৱঁৰ বাসিন্দাসকলে উদযাপন কৰিলে ডেৰশ বছৰীয়া গৌৰৱময় ঐতিহ্য। এই উপলক্ষে গাওঁখনৰ প্ৰাথমিক বিদ্যালয়খনত ১৩ আৰু ১৪ জানুৱাৰিত এক অনুষ্ঠানৰ আয়োজন কৰে। ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ কেন্দ্ৰীয় সমিতিৰ তত্ত্বাৱধানত এই অনুষ্ঠান পৰিচালিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে গাওঁখনৰ ১৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে স্থাপিত স্মাৰক শিলাস্তম্ভ উন্মোচন কৰা হয়। উন্মোচনী কাৰ্য্যসূচীত উপস্থিত থাকে উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোচা, প্ৰাক্তন কাৰ্য্যবাহী সদস্য দেপলাল হোজাই, জ্যেষ্ঠ নাগৰিকসকল আৰু গাওঁবাসীয়ে।
প্ৰাথমিক বিদ্যালয়খনত এই সম্পৰ্কীয় এখন সভাও অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ সোঁৱৰণি ধৰি ৰাখিবৰ বাবে নবদিলাংটিং নামৰ এখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হয়, যিখন উন্মোচন কৰে মুখ্য অতিথি মুখ্য কাৰ্যবাহী বিষয়া গাৰ্লোচাই।
অনুষ্ঠানটোৰ মাজতে নিজৰ ভাষণত গাৰ্লোচাই বিজেপি চৰকাৰে যোৱা ১৮ মাহত কৰা অঞ্চলটোৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। তেওঁ লগতে বিগত কাৰ্যকালৰ নেতসকলক কঠোৰ সমালোচনা কৰে। তেওঁ অঞ্চলটোৰ অনুন্নয়নৰ কথা উল্লেখ কৰি কয় যে তেওঁ সকলোবোৰ সমস্যাৰ কথা টুকি লৈছে আৰু সমাগত দিনবোৰত এইবোৰৰ সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন, বিদ্যুৎ যোগান, ম’বাইল নেটৱৰ্ক আদি সমস্যাৰ সমাধান কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। ডেৰশ বছৰৰ পিছতো গাওঁখনৰ এই পিছপৰা অৱস্থাত তেওঁ খেদ প্ৰকাশ কৰে। কাৰ্য্যবাহী সদস্য দাওলাগাপুৱেও অদূৰ ভৱিষ্যতে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সকলো সদস্যই চেষ্টা কৰি থকা বুলি কয়।
আনহাতে স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা এজন ইঞ্জিনীয়াৰ মহেন্দ্ৰ নুনিছাই অঞ্চলটোৰ সমস্যাবোৰ স্বাভাৱিক সমস্যা বুলি কয় আৰু এইবোৰক ক্ৰমে ক্ৰমে সমাধান কৰিব লাগিব বুলি কয়। কিন্তু একে সময়তে তেওঁ অঞ্চলটোৰ বাসিন্দাসকলক অৰ্থনৈতিকভাৱে সচ্ছল কৰি তোলাতো গুৰুত্ব দিয়ে। তাৰ বাবে কৃষি ক্ষেত্ৰক বিকাশ কৰাৰ কথা কয়।
উল্লেখযোগ্য যে প্ৰায় সকলো বক্তাই অঞ্চলটোৰ এজন নেতা প্ৰয়াত কে আৰ হোজাইৰ অৱদানৰ কথা একেমুখে স্বীকাৰ কৰে।