২৮ জানুৱাৰিৰ পৰা মাহজোৰা কাৰ্যসূচীৰে ড০ টালিমেৰেন আওৰ জন্ম শতবাৰ্ষিকী

ড০ টালিমেৰেন আও

অহা ২৮ জানুৱাৰিৰ পৰা মাহজোৰা কাৰ্যসূচীৰে ভাৰতীয় ফুটবল দলৰ  প্ৰথমগৰাকী অধিনায়ক, প্ৰবাদপ্ৰতিম ফুটবল খেলুৱৈ ড০ টালিমেৰেন আওৰ জন্ম শতবাৰ্ষিকী পালন কৰিবলৈ লোৱা হৈছে। এই কথা জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে গঠিত প্ৰস্তুতি সমিতিৰ সভাপতি স্বপনীল বৰুৱা আৰু সাধাৰণ সম্পাদক সুবোধ মল্ল বৰুৱাই সদৰি কৰে। তেওঁলোকে লগতে জনাই যে জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা মহান খেলুৱৈ গৰাকীৰ স্মৃতিত এটি ডাক টিকট প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হৈছে। অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত কেন্দ্ৰীয় ডাক বিভাগৰ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল বুলিও তেওঁলোকে জানিবলৈ দিয়ে। শতবাৰ্ষিকীৰ অংশ হিচাপে ক্ৰীড়া সঞ্চালকালয়ৰ সহযোগত ২৮ জানুৱাৰিত সমগ্ৰ অসমতে অনুষ্ঠান পতাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে বুলি আয়োজক কমিটীৰ ফালৰ পৰা প্ৰকাশিত এক বিবৃতিত জনোৱা হৈছে। ইয়াৰোপৰি গুৱাহাটীত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ২১ বছৰ অনুৰ্দ্ধৰ এখন ফুটবল প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব। আনহাতে গুৱাহাটীৰ মহাৰাণা ক্লাবৰ সৈতে শতবাৰ্ষিকীৰ সন্দৰ্ভত হোৱা এক আলোচনাত ক্লাবটোৱে অনুষ্ঠানসমূহত সহযোগ কৰাৰ উপৰি নিজাববীয়াকৈও অনুষ্ঠান পাতিব বুলি আয়োজক কমিটীক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কটন মহাবিদ্যালত পঢ়ি থকা সময়তে টালিমেৰেন আও এ মহাৰাণা ক্লাবৰ পৰা খেলুৱৈ জীৱনৰ পাতনি মেলিছিল।

আনহাতে নাগালেণ্ড চৰকাৰেও ড০ টি আওৰ প্ৰতি সন্মান জনাই খেলুৱৈ গৰাকীৰ জন্মস্থানৰ পৰা অসমৰ মাজেৰে  কলকাতালৈকে এটা টৰ্চ ৰেলী আয়োজনৰ সিদ্ধান্ত লৈছে।