ড০ টি আও সোঁৱৰণী ফুটবলৰ ফাইনেলত নাগালেণ্ডৰ হাতত ১-০ গ’লত পৰাস্ত অসম

T Ao Football Championship

২৪ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা ড০ টি আও গল্ড কাপ চেম্পিয়নচিপ ফুটবল ট্ৰফীৰ ফাইনেলত আজি নাগালেণ্ডে অসমক ১-০ গ’লত পৰাস্ত কৰে।

নাগালেণ্ডৰ হৈ ৭ নং জাৰ্চিৰ খেলুৱৈ ডংগেহেংলেও আই চেঙে খেলৰ ৩১ মিনিটত দিয়া একমাত্ৰ গ’লটোৰে নাগালেণ্ডে আজিৰ খেলখনত জয়লাভ কৰিবলৈ সক্ষম হয়।

ড০ টি আওৰ জন্মদিন উপলক্ষে আয়োজিত এই টুৰ্ণামেণ্টত নাগালেণ্ডৰ বিজয়ী দলটোক ট্ৰফীসহ ৩,০০০০০ টকাৰ চেক প্ৰদান কৰা হয়।

আনহাতে প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা অসমে ট্ৰফীসহ ২,০০,০০০ লাখ টকাৰ চেক লাভ কৰে।

তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান মেঘালয়ে লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোককো ট্ৰফীসহ ১,০০,০০০ লাখ টকাৰ চেক প্ৰদান কৰা হয়।

আজি আয়োজিত চুড়ান্ত খেলখনত মেন অব দা মেচ আৰু মেন অব দা চিৰিজ সন্মান লাভ কৰিবলৈ সক্ষম হয় নাগালেণ্ড দলৰ ২১ নং জাৰ্চিৰ নেইথ’ভিলি চিলিঅ’ নামৰ খেলুৱৈ জনে।

আজিৰ খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক মণিপুৰৰ ৰেনেডি সিঙে নৰ্থ ইষ্ট নাওক জনাই যে এনেধৰণৰ টুৰ্নামেন্ট সমূহে নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব।

তেওঁ লগতে কয়, ‘মই অসম আৰু নাগালেণ্ডৰ দল দুটাৰ প্ৰদৰ্শন দেখি সন্তুষ্ট। লগতে মেঘালয়, মণিপুৰ আৰু অৰুণাচলেও কৃতকাৰ্য্য হ’ব নোৱাৰিলে যদিও ভাল প্ৰদৰ্শন দেখুৱাইছে।’

খেলৰ শেষত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত ৰেনেডি সিঙকে ধৰি ড০ টি আওৰ ডাঙৰ পুত্ৰ আকক টেল্লী আও, জীয়াৰী বি টি পেংগাৰ, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ভবেশ গোস্বামী, অলিম্পিয়ান আৰ্চাৰ চক্ৰভেলু চুৰু, এন ই চি ৰ সম্পাদক ৰাম মুইভাহ, ডি কে ডিংল’ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

খেলৰ শেষত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে গীত পৰিবেশন কৰাৰ লগতে তেজপুৰৰ পৰা অহা ফেষ্টিডিচান সাংস্কৃতিক গোষ্ঠীয়ে লোকবাদ্য আৰু নৃত্য পৰিবেশন কৰে।