NORTHEAST NOW (Assamese)

ড০ হিমন্তবিশ্ব শৰ্মাক হত্যাৰ ভাবুকি সম্পৰ্কত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য

December 9, 2017 12:39 pm · কল্পজ্যোতি শইকীয়া

শিক্ষা, স্বাস্থ্য, বিত্তৰ দৰে দপ্তৰৰ দায়িত্বত থকা অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ পৰিকল্পনা সংক্ৰান্তীয় এটা ম’বাইল বাৰ্তা এটা নম্বৰৰ পৰা চাৰিজনকৈ কংগ্ৰেছী নেতালৈ যোৱা সন্দৰ্ভত আজি ৰাজ্যখনৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই nenow.in ৰ আগত নিজৰ মত খোলাকৈ ব্যক্ত কৰে। বিধায়কজনে এই সন্দৰ্ভত কয় যে দেশবাসী তথা কংগ্ৰেছে আততায়ীৰ হাতত মহাত্মা গান্ধীক হেৰুৱাইছে। তাৰোপৰি কংগ্ৰেছে ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীকো আততায়ীৰ হাতত হেৰুৱাইছে। গতিকে যি দলৰে নহওক, এনেকুৱা কথা-কাণ্ডক প্ৰশ্ৰয় দিয়াৰ কথাই নাহে। আনকি আমাৰ মাজৰ পৰাই প্ৰথমে আৰক্ষীক খবৰ দিয়া হৈছে। ৰকিবুল হুছেইনৰ ম’বাইলত এই বাৰ্তাটো অহাৰ লগে লগে তেওঁ আমাক জনাই আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ফোন কৰি কথাটো জনোৱা হয়। ‘কিন্তু এটা কথাত মই আচৰিত হৈছো আৰক্ষীয়ে এই কথাটো ইমান সহজভাৱে লৈছে কিয়? গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ প্ৰতি অধিক কঠোৰ ব্যৱস্থা নল’লে কিয়? মাত্ৰ ২৪ ঘণ্টা নিজৰ জিম্মাত লৈয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে কিয়? তেওঁলোকক অধিক জেৰা কৰাৰ প্ৰয়োজন আছিল বুলি ভাবো।’ এইদৰে কয় বিধায়কজনে। উল্লেখযোগ্য যে ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত উক্ত ম’বাইল বাৰ্তা প্ৰেৰণ কৰা নম্বৰটোৰ অধিকাৰী ফকৰুদ্দিন আলী আৰু তেওঁৰ সহযোগী পৱন আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক বৰ্তমান ন্যায়িক জিম্মাত ৰখা হৈছে।

https://youtu.be/CerdM_UXtbw

Related News