ড০ ৰঞ্জিত তামুলীক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি

ড০ ৰঞ্জিত তামুলী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ড০ ৰঞ্জিত তামুলী। ফটো : ইন্টাৰনেটৰ সৌজন্যত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হ’ব ড০ ৰঞ্জিত তামুলী। ৰাজ্যপাল তথা আচাৰ্য জগদীশ মুখীয়ে বুধবাৰে ড০ ৰঞ্জিত তামুলীক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তিৰ ফাইলত অনুমোদন জনাইছে।

আজি ৰাজভৱনৰ পৰা আনুষ্ঠানিকভাৱে এইক্ষেত্ৰত নিৰ্দেশনা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। বিশ্ববিদ্যালয়খনৰ বৰ্তমান উপাচাৰ্য ড০ অলক কুমাৰ  বুঢ়াগোহাঁইৰ স্থানত ড০ ৰঞ্জিত তামুলীক নিযুক্তি দিয়া হয়।

উল্লেখযোগ্য যে ড০ ৰঞ্জিত তামুলী অৰুণাচলৰ ৰাজীৱ গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক তথা ভাৰপ্ৰাপ্ত পঞ্জীয়কৰ দায়িত্বত আছিল।

বিশ্ববিদ্যালয়খনৰ এগৰাকী উপাচাৰ্য বাছনিৰ উদ্দেশ্যে যোৱা ২১ জুনত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। দিল্লীৰ ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কে কে আগৰৱালাক অধ্যক্ষ হিচাপে লৈ গঠিত তিনিজনীয়া বাছনি কমিটিয়ে ড০ তামুলীৰ নাম ৰাজ্যপাললৈ প্ৰেৰণ কৰিছিল।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাঁইৰ কাৰ্যকাল যোৱা ৯ আগষ্টতে সমাপ্ত হৈছিল যদিও নিৰ্দ্ধাৰিত সময়ত বাছনি কমিটিয়ে প্ৰাৰ্থী বাছনিৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে উপাচাৰ্য নিযুক্তিত বিলম্ব হৈছিল।

বিশ্ববিদ্যালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে উপাচাৰ্য পদৰ বাবে মুঠ ১১৫ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু ইয়াৰে ১৫ গৰাকীক সাক্ষাৎকাৰলৈ আমন্ত্ৰণ জনোৱা হৈছিল। ইয়াৰ মাজৰ পৰা বাছনি কমিটিয়ে ৩ জনীয়া এখন তালিকা প্ৰস্তুত কৰি ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যক অৰ্পণ কৰে। এই তালিকাৰ পৰাই ড০ ৰঞ্জিত তামুলীক আচাৰ্যই  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়ে।