ঢাকাত চাৰি দিনযোৰা কাৰ্যসূচীৰে ‘ষষ্ঠ বেংগল শাস্ত্ৰীয় সংগীত মহোৎসৱ’ৰ আৰম্ভ

মঙলবাৰৰ পৰা ঢাকাত চাৰি দিনযোৰা কাৰ্যসূচীৰে  ‘ষষ্ঠ বেংগল শাস্ত্ৰীয় সংগীত মহোৎসৱ’ৰ আৰম্ভ হৈছে, মহোৎসৱটোত সংগীতপ্ৰেমী শ্ৰোতা সকলে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিষাৰদ সকলৰ অতুলনিয় সংগীতানুষ্ঠান উপভোগ কৰাৰ সুযোগ লাভ কৰিব।

ঢাকাৰ ধনমন্দিৰ অবহানি মৈদানত অনুষ্ঠিত বিশ্বৰ বৃহৎ শাস্ত্ৰীয় সংগীত মহোৎসৱটোত পণ্ডিত অজয় চক্ৰৱৰ্তী, ওস্তাদ ৰচিদ খান আৰু পণ্ডিত যশৰাজে গায়কি পৰিৱেশন কৰাৰ উপৰি পণ্ডিত বিশ্ব মোহন ভট্টে মোহন বীনা অাৰু পণ্ডিত হৰিপ্ৰশাদ চৌৰাছিয়াই বাঁহিবাদন পৰিৱেশন কৰিব।

উল্লেখযোগ্য যে উক্ত সংগীত মহোৎসৱটোৰ উদ্যোক্তা হৈছে ‘দা বেংগল ফাউণ্ডেইশ্যন’ নামৰ এটা পাব্লিক ট্ৰাষ্ট সংগঠন। ৮০ দশকৰ শেষৰফালে নিজৰ যাত্ৰা আৰম্ভ কৰা সংগঠনটোৱে কেইবা দশক জুৰি বেংগলি সংস্কৃতিৰ প্ৰসাৰ কৰি অহাৰ লগতে বাংলাদেশত সংগীতৰ পৰম্পৰাক নিয়মীয়া ভাৱে উৎসাহিত কৰি আহিছে। এই যাত্ৰাৰ এক অংশ হিচাপে ফাউণ্ডেইশ্যনটোৱে গুণগত মান সম্পন্ন সংগীতৰ এক চমজদাৰ শ্ৰোতা সৃষ্টি কৰাৰ লক্ষ্য লৈ ‘বেংগল শাস্ত্ৰীয় সংগীত মহোৎসৱ’ নামৰ বিনামুলীয়া বাৰ্ষীক সংগীত মহোৎসৱটো আয়োজন কৰি আহিছে।

প্ৰাচ্য তথা প্ৰাশ্চাত্য শাস্ত্ৰীয় সংগীতৰ এক যুগলবন্দীৰে মহোৎসৱটো মুকলি কৰা হ’ব য’ত বিখ্যাত ভায়লীন বাদক এল শুব্ৰমণীয়মে কাজাখাস্তানৰ ৫৮ জনীয়া ‘অাস্তানা ছিমফ’নি ফিলহাৰমনিক অৰকেষ্ট্ৰা’ ৰ সৈতে একেলগে সংগীত পৰিৱেশন কৰিব। চাৰিদিনীয়া সংগীতৰ অনুষ্ঠানটোত তিনিজনকৈ সাৰদ বাদক- পণ্ডিত তেজেন্দ্ৰ নাৰায়ন মজুমদাৰ, ৰাজৰূপা চৌধুৰী আৰু আবিৰ হুছেইনৰ লগতে বাঁহী বাদক পণ্ডিত ৰনু মজুমদাৰ আৰু ৰাকেশ চৌৰাছিয়াও সংগীত পৰিৱেশন কৰিব। ইয়াৰ উপৰি সংগীত মহোৎসৱটোত ওদিছি নৃত্যকাৰ সুজাতা মহাপাত্ৰ আৰু  চেতাৰ বাদক পণ্ডিত কুশল দাস আৰু পুৰ্বায়ন চেতাৰ্জীয়ে ক্ৰমে নৃত্য তথা সংগীত পৰিৱেশন কৰিব।