ঢাকাত ভাৰত-বাংলাদেশৰ গৃহমন্ত্ৰীৰ বৈঠকত উত্থাপিত বাংলাদেশী অনুপ্ৰৱেশৰ প্ৰসংগ

ভাৰত-বাংলাদেশ

ঢাকাত বাংলাদেশৰ গৃহমন্ত্ৰী আছাদ উজ জামান খানৰ সৈতে ভাৰতৰ গৃহমন্ত্ৰী ৰাজনাথ সিং। ফটো : ইন্টাৰনেট

বাংলাদেশৰ পৰা হৈ থকা উদ্বেগজনক অনুপ্ৰৱেশৰ কথা সবলভাৱে উপস্থাপন কৰিলে ভাৰতে। দেওবাৰে ঢাকাত বাংলাদেশৰ গৃহমন্ত্ৰী আছাদ উজ জামান খানৰ সৈতে অনুষ্ঠিত হোৱা এখন বৈঠকত ভাৰতৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে চুবুৰীয়া দেশখনৰ পৰা ধাৰাবাহিকভাৱে ভাৰতলৈ ঘটি থকা অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰে।

জানিব পৰা মতে দুয়োখন দেশৰ গৃহমন্ত্ৰী দুগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰাৰ লগতে সুৰক্ষাৰ দিশত সহযোগিতা বৃদ্ধি, সীমাৰ সুৰক্ষা, জালনোট, দ্ৰাগছ তথা মানৱ সৰবৰাহৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰে।

বাংলাদেশে ইয়াৰ ভূমি সন্ত্ৰাসবাদীক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ নিদিয়ে বুলিও স্পষ্ট কৰি দিয়ে।

এক উচ্চস্তৰীয় সূত্ৰই জানিব দিয়া মতে বৈঠকত ভাৰতে চুবুৰীয়া দেশখনৰ পৰা ঘটি থকা অনুপ্ৰৱেশৰ বিষয়ত বিভিন্ন তথ্য দাঙি ধৰে। দেশ দুখনে অনুপ্ৰৱেশৰ সমস্যা ৰোধ কৰাৰ বাবে সীমান্ত সুৰক্ষা কটকটীয়া কৰি তোলাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, ভাৰতে বাংলাদেশৰ সন্মুখত অনুপ্ৰৱেশৰ সমস্যাটো কোনো দিনে দাঙি ধৰা নাই বুলি চৰ্চা হৈ থকাৰ মাজতে গৃহমন্ত্ৰী ৰাজনাথ সিঙে চুবুৰীয়া দেশখনৰ গৃহমন্ত্ৰীগৰাকীৰে সৈতে এই সম্পৰ্কত আলোচনা কৰা কথাটোৱে বিশেষ গুৰত্ব বহন কৰিছে।

ইপিনে বৈঠকত ৰহিংগিয়া অনুপ্ৰৱেশৰ প্ৰসংগটোৱেও স্থান লাভ কৰে। ৰহিংগিয়াৰ পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত ভাৰতে সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

ভাৰতৰ গৃহমন্ত্ৰী গৰাকীৰ এই ভ্ৰমণৰ সময়ত দেশ দুখনৰ মাজত কেইবাখনো নতুন চুক্তি সম্পাদিত হয়। এইবাৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ ভ্ৰমণে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ কৰি তোলাৰ দাবী কৰিছে এক সূত্ৰই।

দেওবাৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙে তিনিদিনীয়া বাংলাদেশ ভ্ৰমণসূচী সমাপ্ত কৰি দেওবাৰে আহি নতুন দিল্লীত উপস্থিত হৈছে।