সোমবাৰে ঢাকাত অনুষ্ঠিত হ’বলগীয়া ভাৰত-বাংলাদেশ বিদেশ সচিব পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনাত তিস্তা নদীৰ পানী ভাগ কৰা আৰু ৰহিঙীয়া সমস্যাই প্ৰধান বিষয় হ’ব বুলি ধাৰণা কৰা হৈছে।
বাংলাদেশৰ বিদেশ মন্ত্ৰ্যালয়ৰ এটা সূত্ৰত প্ৰকাশ যে পুৱা ৯ বজাত আলোচনাচক্ৰখন আৰম্ভ হ’ব। বাংলাদেশৰ বিদেশ সচিব ছাহিদুল হক আৰু আৰতৰ বিদেশ সচিব বিজয় গোখলে পদ্মা আৰু মেঘনা নামৰ দুটা চৰকাৰী অতিথিগৃহত আলোচনাত মিলিত হ’ব।
ভাৰতৰ সৈতে আলোচনাৰ সময়ত বাংলাদেশে ৰহিঙীয়াসকলক ম্যানমাৰলৈ ঘূৰাই পঠোৱাৰ বাবে ম্যানমাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ বাবে আৰু তিস্তাৰ পানী ভাগ কৰাৰ বিষয়ত ভাৰতৰ সহায় বিচাৰিব পাৰে।
উল্লেখ্য যে দেওবাৰে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ গোখলে ঢাকাত উপস্থিত হৈছে। বাংলাদেশৰ বিদেশ সচিব ছাহিদুল হক আৰু ঢাকাত নিয়োজিত ভাৰতীয় উচ্চায়ুক্ত হৰ্ষবৰ্ধন শ্ৰিংলাই হজৰত ছাহজালাল আন্তৰ্জাতিক বিমান বন্দৰত তেওঁক অভ্যৰ্থনা জনায়।
দুয়োখন ৰাষ্ট্ৰই কেইখনমান বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব।
নৰ্থ-ইষ্ট নাওক এটা বিদেশ মন্ত্ৰ্যালয়ৰ সূত্ৰই জনোৱা মতে লণ্ডন আৰু উইণ্ডছৰত এপ্ৰিলৰ ১৬ ৰ পৰা ২০ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ আলোচনাচক্ৰ-২০১৮ (the Commonwealth Heads of Government Meeting 2018)ত বাংলাদেশৰ প্ৰধানমন্ত্ৰী ছেইখ হাছিনা আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত এখন পাৰ্শ্বৱৰ্তী আলোচনাচক্ৰ অনুষ্ঠিত কৰাৰ সম্ভৱনীয়তা সম্পৰ্কতো দুয়োগৰাকী সচিবে আলোচনা কৰিব।