NORTHEAST NOW (Assamese)

ঢেকিয়াজুলিত কালভাৰ্টৰ ভিতৰত মহিলাৰ মৃতদেহ উদ্ধাৰ; ধৰ্ষণৰ সন্দেহ

May 14, 2018 9:05 pm · প্ৰনৱ কুমাৰ দাস
প্ৰতিনিধিত্বমূলক চিত্ৰ

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি অন্তৰ্গত বেলশিৰি চাহ বাগিচাৰ পথৰ দাঁতিত থকা এটা কালভাৰ্টৰ ভিতৰত আজি পুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়।

মৃত মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি মিছামাৰি থানাৰ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা মতে যোৱা নিশা মহিলাগৰাকীয়ে ওচৰৰে কোনো লোকৰ ঘৰত বিয়া খাই ঘৰলৈ আহি থকা অৱস্থাত উক্ত ঘটনা সংঘটিত হয়।

মৃত মহিলাগৰাকীক বেলশিৰি চাহ বাগিচাৰ মন্দিৰ লাইনৰ প্ৰয়াত ছ’নো ভুমজিৰ পত্নি জয়ন্তী ভুমজি বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে ঘটনাৰ পাৰম্ভিক অনুসন্ধান কৰি উঠি মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্তপিতাললৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দোষীক কৰায়ক্ত কৰিবলৈ অনুসন্ধান আৰম্ভ কৰিছে বুলি অতিৰিক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুমল মহাতাই জানিবলৈ দিছে।

Related News