NORTHEAST NOW (Assamese)

তথ্য অনুসৰি ১০০দিনত ৪০টা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যু

December 18, 2017 9:43 am · এন ই নাও নিউজ

যোৱা কেইবাদিন ধৰি বনাঞ্চল সমূহৰ পৰা লোকালয়লৈ ওলাই অহা হাতী সমূহ বিভিন্ন অস্বাভাৱিক কাৰণত মৃত্যু হোৱাৰ ঘটনাই বন বিভাগ তথা প্ৰকৃতি প্ৰেমীক ব্যাথিত কৰি তুলিছে। এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ১০০ দিনত ৰাজ্যত মুঠ ৪০ টা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটিছে। উল্লেখণীয় যে যোৱা ১০ আৰু ১২ ডিচেম্বৰত ৰেইলৰ খুন্দাত আৰু বিদুৎস্পৃষ্ট হৈ ৮টাকৈ বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক আকোৱালি লৈছিল। ইয়াৰ উপৰি বিভিন্ন সময়ত ৰেইলৰ খুন্দাতে হওক, বিদুৎস্পৃষ্ট হৈ বা খাদ্যৰ বিষক্ৰিয়া ঘটি অথবা হাতী-মানুহৰ সংঘাতৰ পৰিণতিত বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাইছে।

লক্ষ্যণীয় যে হাতী সমূহৰ বাবে অহা যোৱা কৰা বাট(এলিফেণ্ট কৰিডৰ) সমূহত ৰাস্তা-পথ তথা দেৱাল নিৰ্মাণ কৰাৰ ফলত ৰেইলৰ খুন্দাত বা গাড়ীৰ আগত পৰি অস্বাভাৱিক ভাৱে কৰুণ মৃত্যু সংঘটিত হৈ আছে বনৰীয়া হাতী সমূহৰ। বনাঞ্চল সমূহ কাটি তহিলং কৰাৰ ফলত বিভিন্ন সময়ত হাতীৰ জাক সমূহে লোকালয়লৈ ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰে যাৰ ফলত মানুহৰ সৈতে সংঘাতৰ সৃষ্টি হয় আৰু মানুহৰ লগতে হাতীয়েও মৃত্যুক আকোৱালি লব লগীয়া হৈছে। বনাঞ্চল সমূহত অস্বাভাৱিক হাৰত হাতীৰ বংশবৃদ্ধিৰ বাবেও হাতীৰ জাক সমূহ এইদৰে খাদ্যৰ সন্ধানত লোকালয়ত প্ৰৱেশ কৰা বুলিও তথ্যত প্ৰকাশিত হয়। যোৱা ২০১৩-১৬ চনৰ ভিতৰতে অসমত ১৪০ টা হাতীৰ অস্বাভাৱিক মৃত্যু হৈছে। কিন্তু এই লৈ যেন বন বিভাগৰ কোনো চিন্তাই নাই। বন বিভাগে হাতীৰ অৱস্থান আৰু গতিবিধিক নিৰীক্ষণত ৰখাৰ কোনো চেষ্টা নকৰাৰ ফলতেই এইদৰে দৈনিক হাতীয়ে অস্বাভাৱিক মৃত্যু মুখত পৰিছে।

Related News