তথ্য আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰা ‘টেলিটিপছ’ উন্মোচন

teletips

‘টেলিটিপছ’ উন্মোচন মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ

মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে আজি তেওঁৰ কাৰ্যালয় কক্ষত আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰি উলিওৱা ‘টেলিটিপছ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

যোৱা ২ বছৰ ধৰি এই টেলিটিপছখনৰ উন্নীতকৰণ হোৱা নাছিল।

ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকলৰ টেলিফোন নম্বৰ তথা ম’বাইল নম্বৰ সমূহ সন্নিৱিষ্ট কৰি উন্নীতকৰণেৰে আজি উন্মোচন কৰা টেলিটিপছখনৰ সংস্কৰণটো উলিওৱা হৈছে।

তদুপৰি ৰাজ্যখনৰ সংবাদ মাধ্যমৰ কাৰ্যালয়কে ধৰি সম্পাদক, সংবাদদাতা সকলৰ টেলিফোন নম্বৰ তথা ম’বাইল নম্বৰকে ধৰি অত্যাৱশ্যকীয় সেৱা তথা জৰুৰীকালীন সমূহৰ টেলিফোন নম্বৰো সন্নিৱিষ্ট কৰা হৈছে।

টেলিটিপছ উন্মোচন কৰি প্ৰদান কৰা বক্তব্যত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে উন্নীত কৰা টেলিটিপছখনে বিভিন্ন পক্ষক সঠিক টেলিফোন নম্বৰ তথা ম’বাইল নম্বৰ প্ৰদানেৰে উপকৃত কৰিব বুলি কয়।