তথ্য আৰু জনসংযোগ বিভাগৰ কাম কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ

DSC_3989

সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগক অধিক গতিশীল আৰু কৰ্মদক্ষ কৰি তোলাৰ বাবে তথ্য আৰু জনসংযোগ সঞ্চালকালয়কৰ আমূল পৰিৱৰ্তন সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মঙলবাৰে সন্ধিয়া জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত জনসংযোগ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী সোণোৱালে চৰকাৰী কাম কাজ আৰু আঁচনিসমূহ অধিক জনমুখী কৰি তোলাৰ বাবে বিশদ কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে।

সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ বাস্তৱিক দিশৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে বৈদ্যুতিন আৰু সামাজিক গণ মাধ্যমক সামৰি ল’ব পৰাকৈ বিভাগটোৰ অধীনত এটা অতিৰিক্ত সঞ্চালকালয় গঠন কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান কাম কাজ চলাই থকা তথ্য আৰু জনসংযোগ বিভাগে ছপা মাধ্যমৰ সৈতে জড়িত বিষয়সমূহ চোৱাচিতা কৰিব। আনহাতে, নতুনকৈ প্ৰতিষ্ঠা হ’বলগীয়া সঞ্চালকালয়টোৱে বৈদ্যুতিন আৰু সামাজিক গণ মাধ্যমৰ জৰিয়তে জনমুখী আঁচনিসমূহ তাৎক্ষণিকভাৱে জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ কাম কৰিব।

সংবাদ মাধ্যম আৰু সাংবাদিকৰ সমস্যাসমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ পোষকতা কৰি মুখ্যমন্ত্ৰীয়ে নতুন বিজ্ঞাপন নীতি চূড়ান্ত কৰাৰ বাবেও বিভাগক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ যুৱ সাংবাদিকসকলক উৎসাহিত কৰাৰ বাবে বঁটা প্ৰদানৰ ব্যৱস্থা কৰিবলৈয়ো বিভাগক নিৰ্দেশ দিয়ে। তিনিগৰাকী ফটো সাংবাদিক বা ভিডিঅ’ সাংবাদিককে ধৰি মুঠ ছয় গৰাকী সাংবাদিকক বঁটা প্ৰদান কৰিবলগীয়া এই বঁটাৰ বাবে এখন নিৰপেক্ষ আৰু স্বতন্ত্ৰ নিৰ্বাচক সমিতিৰ জৰিয়তে সাংবাদিক নিৰ্বাচন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সাংবাদিক, লেখক, বুদ্ধিজীৱীসকলে যাতে বৌদ্ধিক চিন্তা-চৰ্চা তথা আলোচনাৰ উমৈহতীয়া এখন মঞ্চ লাভ কৰিব পাৰে তাৰ বাবে গুৱাহাটীত এটা অত্যাধুনিক মিডিয়া কনভেনশ্যন চেন্টাৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে।

তদুপৰি, মুখ্যমন্ত্ৰী সোণোৱালে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ভাষাৰ প্ৰথিতযশা সাংবাদিকসকলৰ অংশগ্ৰহণেৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত এটা অনুষ্ঠানৰ আয়োজন কৰাৰো নিৰ্দেশ দিয়ে তথ্য আৰু জনসংযোগ বিভাগক।

সাংবাদিকক প্ৰদান কৰা এক্ৰিডিটেশ্যন কাৰ্ড, সাংবাদিকৰ এক্সপ’জাৰ ট্যুৰ, জনসংযোগ বিভাগৰ সবলীকৰণকে ধৰি বিভিন্ন দিশৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ো বৈঠকত আলোচনা কৰা হয়।

তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ এ কে সিং আৰু সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই বিভাগৰ কাম কাজসমূহৰ লগতে বিভাগৰ তৰফৰ পৰা বিভিন্ন আঁচনি সম্পৰ্কে মুখ্যমন্ত্ৰীক অৱগত কৰে।

পৰ্যালোচনা সভাত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, প্ৰধান সচিব সঞ্জয় লোহিয়া আৰু তথ্য আৰু জনসংযোগ বিভাগৰ আন কেইগৰাকীমান জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।