NORTHEAST NOW (Assamese)

তলাবন্ধ কাৰ্যসূচী : ৰাজ্যৰ আন ঠাইৰ লগতে বিশ্বনাথতো প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ

June 18, 2018 9:55 pm · কাজি জেইদুল ইছলাম

আঁসোৱাহ নিৰাময় সমিতিৰ প্ৰতিবেদনে অসমৰ প্ৰাথমিক শিক্ষক সকলৰ মাজত বৈষম্যৰ অনাৰ প্ৰতিবাদত আজি সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে বিশ্বনাথতো তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হয।

বিশ্বনাথৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত তিনি শতাধিক শিক্ষক-শিক্ষয়ত্ৰীয়ে বিশ্বনাথ মহকুমাৰ বিদ্যালয় সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয় আৰু বিশ্বনাথ প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্য্যালয়ত তলা বন্ধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে’ কাৰ্ড লৈ শিক্ষা বিভাগৰ কাৰ্যালয় দুটাত উপস্থিত হৈ ‘আমাক ন্যায্য অধিকাৰ লাগে’, ‘প্ৰধান শিক্ষকৰ সমস্যা দূৰ কৰক’, ‘গ্ৰেড পে’ৰ ক্ষেত্ৰত প্ৰতাৰণা নচলিব’, ‘শ্ৰেণীত শিক্ষক নিযুক্তি দিয়ক’, ‘প্ৰাথমিক বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰক’ ইত্যদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

মহকুমা প্ৰাথমিক সন্মিলনীৰ সম্পাদক প্ৰধান পৰেশ বৰা আৰু ৰাজ্যিক সদস্য লক্ষ হাজৰিকাৰ নেতৃত্বত প্ৰতিবাদকাৰী সকলে শিক্ষা বিভাগৰ কাৰ্যালয় দুটাত তলা ওলোমাই দিয়ে। সুদীর্ঘ সময় কাৰ্যালয় অচল হৈ পৰাৰ পিছত আৰক্ষীৰ সহযোগত তলা খোলাৰ প্ৰশাসনে ব্যৱস্থা কৰে।

বিহালি খণ্ড প্ৰাথমিক বিষয়াৰ কাৰ্যালয়ত মহকুমা প্ৰাথমিক সন্মিলনীৰ সভাপতি দুলাল বৰাৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল।

Related News