তামিলনাডুত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ ইংৰাজী সাহিত্য বিষয়ক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন

tamilnadu seminar

তামিলনাডুৰ তিৰুবাৰুৰত যোৱা ৮ আৰু ৯ ফেব্রুবাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হয় ‘ইথ্নো ইকো –মিথো ফেচেট্ছ অফ নৰ্ষ্ট ইষ্ট ৰাইটিং ইন ইংলিছ’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ।

তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আয়োজিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি পদ্মশ্ৰী বঁটা বিজয়ী তথা অসমৰ ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক অৰূপ কুমাৰ দত্তই তেওঁৰ ভাষণত উত্তৰ-পূৰ্বাঞ্চল লেখকৰ সামাজিক, ৰাজনৈতিক আৰু ঐতিহাসিক দিশ সামৰি বিস্তৃত সামৰ্থ্য থকাৰ কথা দৃঢ়তাৰে দোহাৰে।

ইংৰাজী সাহিত্যৰ এগৰাকী জনপ্ৰিয় লেখক পদ্মশ্ৰী অৰুপ কুমাৰ দত্তই তেওঁৰ ভাষণৰ আৰম্ভণিতে কয় যে ‘’দুহেজাৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যৰ ওপৰত দুদিনীয়াকৈ আয়োজন কৰা আলোচনা চক্ৰ মোৰ পঞ্চাশ বছৰীয়া সাহিত্য চৰ্চাৰ অভিজ্ঞতাৰ এক লেখত ল’বলগীয়া পৰিঘটনা যিয়ে বিশ্ববিদ্যালয়খনৰ লগতে দক্ষিণ ভাৰতৰ এই অঞ্চলৰ ৰাইজৰ উন্নত মনৰ পৰিচয় বহন কৰিছে।‘’

বিষয়সূচক বক্তৃতা প্ৰদান কৰি হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপক কৈলাশ চন্দ্ৰ বৰালে উত্তৰ-পূৰ্বাঞ্চলৰ শ্বিলংস্থিত ইংৰাজী আৰু বৈদেশিক ভাষাৰ বিশ্ববিদ্যালয়ত ৩৮ বছৰ জোৰা অভিজ্ঞতাৰে এই অঞ্চলৰ ইংৰাজী ভাষাত লিখা সাহিত্যিকসকলৰ বিশেষকৈ অৰূপ কুমাৰ দত্ত, টেমচুলা আও, ধ্ৰুৱ হাজৰিকা, মিত্ৰা ফুকন, মামন দাই, নংকিনৰি আদিৰ সাহিত্যৰাজিৰ বিষয়ে বিশদ আলোচনা কৰে।

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক বিজয় কুমাৰ দান্তাই উপন্যাস সাহিত্যৰ বিভিন্ন ধাৰাৰ ওপৰত আলোচনা আগবঢ়ায়।

অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ সহযোগী অধ্যাপক বিষ্ণু চৰণ দাসে উত্তৰ পূৰ্বাঞ্চলত সিচৰতি হৈ থকা বিভিন্ন ৰূপকথা বিশেষকৈ বড়ো, খাচী, ডিমাচা, নগা আৰু কাৰ্বি ৰূপকৰ ওপৰত আলোকপাত কৰে।

আলোচনা চক্ৰত দিশপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই অসমৰ নিৰুপমা বৰগোহাঞি, মামনি ৰয়চম গোস্বামী আৰু টেমচুলা আওৰ গল্পত প্ৰকাশ পোৱা জনগোষ্ঠীয় পৰিচয়, সন্ত্ৰাসবাদ, স্বাধীনতা, পৰিৱেশ সচেতনতাৰ বিষয়ে বিশেষ বক্তৃতা প্ৰদান কৰে।

ছিকিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ইৰছাদ গোলাম আহমেদে উত্তৰ-পূৰ্বাঞ্চল ইংৰাজী কবিতাত ইতিহাসৰ প্ৰতিফলন কিদৰে ঘটিছে তাৰ ব্যাখ্যা আগবঢ়ায়।

পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা লক্ষ্মী মাই মিলিয়ে মামন দাই আৰু টেমচুলা আওৰ কবিতাত প্ৰকৃতিৰ প্ৰকাশ বিষয়ত বক্তৃতা আগবঢ়ায়।

উৰিষ্যাৰ বেৰহামপুৰ বিশ্বিবদ্যালয়ৰ সহযোগী অধ্যাপিকা শ্ৰুতি দাস আৰু তিৰুপতিৰ শ্ৰী পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা হৰি পদ্মাৰাণীয়েও বিশেষ বক্তৃতা প্ৰদান কৰে।

আলোচনা চক্ৰখন উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কলাগুৰু অধ্যাপক টি চেংগাধৰ আৰু ইংৰাজী অধ্যয়ন বিভাগৰ মুৰব্বী নিৰ্মল চেলভামনিয়ে। জ্যেষ্ঠ সহকাৰী অধ্যাপক তথা আলোচনা চক্ৰখনৰ সমন্বয়ক কে ভি ৰঘুপতিয়ে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা যোগদান কৰা গৱেষক ছাত্ৰ-ছাত্ৰীসকলৰ আদৰণি জনায়।

সন্ধিয়াৰ ভাগত বিশ্ববিদ্যালয়খনৰ মূল সভাগৃহত তামিলনাডু বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ এটি দলে অসমৰ বৰগীত, গোৱালপৰীয়া লোকগীত. বিহুনৃত্যৰ লগতে অসম সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰে