তামিলনাডুত অসমৰ যুৱতীক হাৰাশাস্তি কৰাৰ অভিযোগত ১০ জনক গ্ৰেপ্তাৰ

নিৰ্যাতন

অসমৰ পৰা এগৰাকী ১৯ বছৰীয়া যুৱতীৰ অভিযোগৰ ভিত্তিত কেৱল মহিলা আৰক্ষীৰ দ্বাৰা গঠিত কেংগেয়াম নামৰ বাহিনীটোৱে তামিলনাডু মহিলা হাৰাশাস্তি প্ৰতিৰোধ আইনৰ অধীনত ১০ জন লোকক গ্ৰেপ্তাৰ কৰে। টাইমছ অফ ইণ্ডিয়া কাকত প্ৰকাশিত বাতৰি অনুসৰি অসমৰ যুৱতীগৰাকীক উক্ত লোক কেইজনে বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছিল।

আৰক্ষী সূত্ৰই জনোৱা মতে যুৱতীগৰাকীয়ে বিগত ৯ মাহ ধৰি মুধালিপালায়ামৰ ছিডকোৰ (এছআইডিচিঅ’) এটা ব্যক্তিগত বস্ত্ৰ নিৰ্মাণ কোম্পানীত কাম কৰি আছে।

‘’ যুৱতীগৰাকী কোম্পানীৰ হোষ্টেলত থাকে। অসমৰ পৰাই যোৱা আৰু একেটা কোম্পানীতে কাম কৰা কাৰ্থিক আৰু সুকমাৰমে প্ৰায়েই কোম্পানীৰ চৌহদতে তেওঁক অশালীন আচৰণ কৰিবলৈ লৈছিল। কিন্তু তেওঁ বিষয়টো উত্থাপন কৰা সত্ত্বেও কোম্পানী কৰ্তৃপক্ষই তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। যোৱা ১৬ এপ্ৰিলত যুৱতীগৰাকীয়ে হোষ্টেললৈ গৈ থকাৰ সময়ত তিৱাৰী নামৰ এজনৰ সহযোগী ৮ জন যুৱকে এখন দুচকীয়া বাহনেৰে তেওঁক অপহৰণৰ চেষ্টা কৰিছিল। পথচাৰী আৰু স্থানীয় লোকে যুৱতীগৰাকীক উদ্ধাৰ কৰে। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে ঘটনাটো সম্পৰ্কত আৰক্ষীৰ ওচৰত অভিযোগ দিবলৈ নৌপাওতেই কোম্পানী কৰ্তৃপক্ষই তেওঁক এটা কোঠাত তলা মাৰি বন্ধ কৰি ৰাখিছিল,’’-এগৰাকী আৰক্ষী বিষয়াই জনায়।

যুৱতীগৰাকীয়ে আৰক্ষীক জনায় যে দুদিনৰ পিছত তেওঁ সেই বন্ধ কোঠাটোৰ পৰা পলাই আহিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটকাধীন লোক কেইজনক জেৰা কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।