তিনিগৰাকী বিশিষ্ট সাহিত্যিকক প্ৰদান কৰিলে শতবৰ্ষীয় জীৱনজোৰা সাধনা বঁটা

Asom Sahitya Sabha president Paramananda Rajbanshi

অসম সাহিত্য সভাই ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট সাহিত্যিকক শতবৰ্ষীয় জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰে দেওবাৰে। সাহিত্যিক তিনিগৰাকী ক্ৰমে ভগগিৰী ৰায়চৌধুৰী, ভদ্ৰকৃষ্ণ গোস্বামী আৰু ভৱপ্ৰসাদ চলিহা।

সাহিত্যিক কেইগৰাকীৰ নিজ নিজ বাসগৃহত গৈ অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ দলে এই বঁটা প্ৰদান কৰে।

দেওবাৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, কামৰূপ (মহানগৰ) জিলা সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱীৰ নেতৃত্বত সাহিত্য সভাৰ এটা প্ৰতিনিধি দলে গুৱাহাটীস্থিত বাসগৃহত এই তিনিগৰাকী বিশিষ্ট সাহিত্যিকক উক্ত সন্মান যাচে।

উল্লেখ্য যে দেওবাৰে ৰাতিপুৱা ১০ বজাত সাহিত্য সভাৰ প্ৰতিনিধি দলটোৱে বৰ্ষীয়ান সাহিত্যিক ভগগিৰী ৰীয়চৌধুৰীক তেখেতৰ চানমাৰিৰ পেৰেডাইজ হোটেলৰ সমীপত থকা ঘৰলৈ গৈ শতবৰ্ষীয় জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।

ইয়াৰ পিছতে ভঙাগড়ৰ বিগ বজাৰৰ ওচৰতে থকা ভদ্ৰকৃষ্ণ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ তেখেতক এই বঁটা প্ৰদান কৰে। আৰু শেষত বেলতলাৰ অজন্তা পথত থকা ভৱপ্ৰসাদ চলিহাক তেওঁৰে বাসভৱনত অসম সাহিত্য সভাই এই বঁটা আগবঢ়াই।

বঁটা গ্ৰহণ কৰি এই তিনিওজন বিশিষ্ট সাহিত্যিকে অত্যন্ত সুখ অনুভৱ কৰাৰ উপৰি অসম সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ উপৰি বৰ্ষীয়ান সাহিত্যিক কেইগৰাকীয়ে অসম সাহিত্যক অধিক বিশ্বমুখী কৰাৰ বাবে সাহিত্য সভাৰ প্ৰতিনিধি দলটোক আহ্বান জনায়।