NORTHEAST NOW (Assamese)

তিনিচুকীয়াত আলফা (স্বাঃ) সদস্য আটক

December 28, 2017 9:05 pm · অভিক চক্ৰৱৰ্তী
Updated: December 28, 2017 9:26 pm

আজি তিনিচুকীয়া জিলাৰ পেঙেৰীত সেনা বাহিনী আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই আলফা (স্বাঃ)ৰ এজন ম্যানমাৰ প্ৰশিক্ষিত দুৰ্ধৰ্ষ সদস্যক আটক কৰে। আৰক্ষীয়ে দাবী কৰা অনুসৰি সদস্যজনক জিলাখনত বিভিন্ন ধন দাবী আৰু অন্যান্য সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত সঞ্জীৱ মৰাণ ওৰফে কলীয়া বুলি চিনাক্ত কৰা হৈছে। আটক কৰা সদস্যজনৰ পৰা এটা ০.৩২ পিষ্টল উদ্ধাৰ কৰা হৈছে। শীৰ্ষ আৰক্ষী বিষয়াসকলে পেঙেৰী থানাত মৰাণক জেৰা চলাই আছে। উল্লেখযোগ্য যে শেহতীয়াকৈ তিনিচুকীয়া জিলাত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাঃ)ৰ কাৰ্যকলাপৰ তীব্ৰতা ব্যাপকভাৱে বৃদ্ধি পাইছে। জিলাখনৰ বিভিন্ন ব্যৱসায়ী আৰু চাহ বাগানৰ মালিকক ধন দাবী তথা এজন ব্যৱসায়ীৰ পুত্ৰক অপহৰণ কৰাৰ উপৰি নিষিদ্ধ সংগঠনটোৱে কিছুদিন পূৰ্বে এজন স্থানীয় বিজেপি নেতা আৰু তেওঁৰ পুতেকক ঘৰতে গুলীয়াই হত্যা কৰিছিল। শেহতীয়া উক্ত দুয়োটা ঘটনাৰ পিছতে সংগঠনটোৱে অভূতপূৰ্বভাৱে স্থানীয় ৰাইজৰ প্ৰবল বিক্ষোভৰ সন্মুখীন হ’ব লগা হৈছিল।

Related News