NORTHEAST NOW (Assamese)

তিনিচুকীয়াত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰ

February 17, 2018 4:54 pm · লক্ষ্মণ শৰ্মা
প্রতিনিধিত্বমূলক ফটো

শনিবাৰে ৰাতিপুৱা এটা নাহৰফুটুকী বাঘে দহ বছৰীয়া কিশোৰ এজনক আক্ৰমণ কৰাৰ পিছত তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ পানবাৰী অঞ্চলৰ বাসিন্দা সকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

গুৰুতৰভাৱে আহত নাবালক গৰাকীক লক্ষীৰাম মুৰ্মু বুলি জানিব পৰা গৈছে। লক্ষীৰামে তেওঁৰ তিনিগৰাকী বন্ধুৰ সৈতে পানবাৰী বনাঞ্চলৰ গাতে লাগি থকা এখন মুকলি পথাৰত খেলি থকাৰ সময়তে পূৰ্ণবয়স্ক নাহৰফুটুকীয়ে কিশোৰজনক আক্ৰমণ কৰে।

বাঘটোৰ আক্ৰমণত মুৰ্মু গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে বাকী বন্ধু তিনিজন কোনো হানি নোহোৱাকৈ পলাই সাৰিবলৈ সক্ষম হয়।

আক্ৰান্ত কিশোৰজনক ততাতয়াকৈ ডিগবৈ সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হয়। তেওঁৰ দেহত কেইবাটাও আঘাতৰ চিনৰ লগতে ডিঙিত গভীৰ আঘাতৰ চিন প্ৰত্যক্ষ কৰা গৈছে।

উশাহ-নিশাহত কষ্ট পাই থকা নাবালকগৰাকীক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ স্থানান্তৰ কৰা হৈছে।

তেওঁৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।

অসমত ব্যঘ্ৰ পিয়লৰ কাম চলি থকাৰ সময়তে বন্যপ্ৰাণী-মানুহৰ এই সংঘাতৰ ঘটনাই ডিগবৈ বন বিভাগৰ দায়িত্ব অধিক বৃদ্ধি পোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

স্থানীয় লোকৰ ধাৰণা যে বন্যপ্ৰাণীৰ সাম্ৰাজ্যখন সুৰক্ষিত তথা সংৰক্ষিত কৰা, গ্ৰাম্য তথা থলুৱা লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাটোৱে মানুহৰ ক্ষতিৰ লগতে সংঘাত তথা ধ্বংস ৰোধ কৰাৰ উপায়।

 

Related News