তিনিচুকীয়াত নিৰাপত্তাৰক্ষীৰ হাতত আটক তিনিজন এনডিএফবি (সংবিজিত) সদস্য

IMG-20180720-WA0014

তিনিচুকীয়া জিলাৰ জাগুনত বৃহস্পতিবাৰে নিশা নিৰাপত্তাৰক্ষীয়ে এটা অভিযান চলাই তিনিজন এনডিএফবি সদস্যক আটক কৰিবলৈ সক্ষম হয়। এই বিদ্ৰোহীকেইজন এনডিএফবি সংগঠনৰ সংবিজিত গোটৰ বুলি জানিব পৰা গৈছে।

লাভ কৰা তথ্য অনুসৰি, ধৃত আটাইকেইজন বিদ্ৰোহীয়েই সংগঠনটোৰ ৪২নং চামৰ অন্তৰ্ভুক্ত। বৃহস্পতিবাৰে নিশা নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰা এনডিএফবিৰ এই সদস্য তিনিজনে ম্যানমাৰৰ  প্ৰশিক্ষণ শিবিৰত বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰাৰ কঠিন অনুশীলন কৰিছিল বুলি জানিব পৰা গৈছে।

সেনা বাহিনীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে এটা গোপন সূত্ৰৰ পৰা কেডাৰ কেইজনৰ উপস্থিতিৰ বিষয়ে জানিব পাৰি সেনা বাহিনীয়ে এটা তালাচী অভিযান চলাই তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়। সূত্ৰটোৱে জাগুনত এনডিএফবি (সংবিজিত) গোটৰ সদস্যকেইজনৰ উপস্থিতি সন্দৰ্ভত সেনা বাহিনীক বিতং আৰু নিশ্চিত তথ্য প্ৰদান কৰিছিল।

ধৃত কেডাৰ কেইজনক অজয় নাৰ্জাৰী, স্বৗমকৗৰ নাৰ্জাৰী আৰু জৗংপ্ৰু ব্ৰহ্ম বুলি জানিব পৰা গৈছে। এই আটাইকেইজন কোকৰাঝাৰ জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এনডিএফবি সদস্যকেইজনৰ হাতৰ পৰা এটা একে (AK) শ্ৰেণীৰ এছল্ট ৰাইফল, দুটা পিষ্টল আৰু যথেষ্ট পৰিমাণৰ গুলী উদ্ধাৰ কৰা হৈছে। উগ্ৰপন্থী সদস্য তিনিজনক ইতিমধ্যে জাগুন আৰক্ষী থানালৈ হস্তান্তৰিত কৰা হৈছে আৰু তেওঁলোকক আৰক্ষী আৰু সেনাৰ শীৰ্ষ বিষয়াসকলে জেৰা কৰি আছে।