তিনিচুকীয়াত পথ দুৰ্ঘটনাত শিশুসহ নিহত তিনিজন

পথ দুৰ্ঘটনা

প্ৰতিনিধিত্বমূসক ছবি

তিনিচুকীয় জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোবিন্দপুৰত সোমবাৰে সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত শিশুসহ তিনিজন লোক থিতাতে নিহত হয়।

জিলাখনৰ পানীতোলাৰ পৰা তিনিচুকীয়া নগৰলৈ ১৫ জন যাত্ৰী কঢ়িয়াই অনা এ এছ ২৩ বি চি ৬৬৪৯ নম্বৰৰ টেম্প’খনে তিনিচুকীয়াৰ ফালৰ পৰা বাইপাছেৰে তীব্ৰ বেগে আহি থকা চিআৰপিএফৰ এম এইচ ১৪ এছ ৯৮৫৫ নম্বৰৰ বাহনখনে খুন্দিওৱাৰ ফলত তিনিজন যাত্ৰী ঘটনাস্থলীতে নিহত হয়।

টেম্প’খনৰ নিহত তিনিজন যাত্ৰী হৈছে ক্ৰমে জাগুণৰ ফানেংগাঁৱৰ তপন মেচৰ দুবছৰীয়া কন্যা দীক্ষিতা মেচ, ডিৰাক চাৰিআলিৰ ব্ৰজেন চেতিয়াৰ পত্নী তিলো চেতিয়া আৰু ননী নাগ।

টেম্প’খনত থকা আন ১২ জন যাত্ৰীও গুৰুতৰভাৱে আহত হয়। আহতসকলক তিনিচুকীয়াৰ গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকৎসাৰ বাবে ভৰ্তি কৰোৱআ হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে এম্বুলেন্সেৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটোৰ পিছত সমগ্ৰ জিলাখনেত শোকৰ ছাঁ পৰিছে। অত্যধিক যাত্ৰী কঢ়িওৱা টেম্প’সমূহক যান বাহন আৰক্ষীয়ে নিয়ন্ত্ৰন নকৰাৰ ফলতে এনেদৰে দুৰ্ঘটনা সংঘটিত হ’বলৈ পায় বুলি ৰাইজে ক্ষোভ উজাৰে।

স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক এনে যাত্ৰীবাহী বাহনসমূহৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে পৰিস্থিতিৰ সুযোগ লৈ টেম্প’খনৰ চালকজন পলাই যোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।