তিনিচুকীয়াত ৰাজ্য ভাষা প্ৰয়োগৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ

১৯৬০ চনৰ ৰাজ্য ভাষা আইন অনুসৰি তিনিচুকীয়াত ১০০ শতাংশ অসমীয়া ভাষা প্ৰয়োগৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ সমম্বয় আৰু সন্মিলনৰ মাজেদি গঢ় লৈ উঠা অসমীয়া ভাষাক চৰকাৰী কাম-কাজত প্ৰয়োগ কৰাৰ বাবে ১৯৬০ চনতেই আইন প্ৰণয়ন কৰা হৈছিল। কিন্তু পৰিতাপৰ বিষয় যে এই আইন প্ৰণয়নৰ ৬০ বছৰৰ পিছতো ৰাজ্য ভাষা আইনখন সঠিকভাৱে প্ৰণয়ন নহ’ল। অসমীয়াৰ জাতীয় চেতনাক এচাম অসম আৰু অসমীয়া বিৰোধী চক্ৰই অৱজ্ঞা কৰি অহাৰ ফলতেই আজিও আইনখনৰ সুফল অসমীয়া জনগণে পাবলৈ সক্ষম হোৱা নাই। এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া জিলাখনৰ চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয় অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান – পোহাৰ, বেনাৰ- হৰ্ডিং আদি সৰ্বত্ৰে অসমীয়া ভাষা প্ৰয়োগ কাৰ্য্যকৰী কৰিবলৈ মাৰ্ঘেৰিটা মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। লগতে অহা এমাহৰ ভিতৰত যদি এই আইন কাৰ্য্যকৰী কৰা নহয় তেন্তে আগন্তুক দিনত অসম জাতীয়তাবাদী যুৱ পৰিষদে অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি জানিবলৈ দিয়ে তিনিচুকীয়া জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি লক্ষী বড়া, সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতিম নেওগে ।