তিনিচুকীয়াৰ জাগুনত সেনা-আৰক্ষীৰ অভিযানত আটক আলফা (স্বাঃ)ৰ সদস্য

তিনিচুকীয়া জিলাৰ জাগুনত আজি ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে যুটীয়া অভিযান চলাই আলফা (স্বাঃ)ৰ এজন সদস্যক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ আধাৰত আজি ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে অসম-অৰুণাচল সীমান্ত তিনিচুকীয়া জিলাৰ জাগুনত এক অভিযান চলাই। অভিযান কালত আৰক্ষী আৰু সেনা বাহিনীৰ দলটোৱে ফানেং ঘাটৰ পৰা এজন আলফা (স্বাঃ)ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে ধৃত আলফা সদস্যজন অঞ্চলটোৰ এজন সক্ৰিয় আলফা সদস্য আছিল।

ধৃত আলফা সদস্যজনক আৰক্ষীয়ে ৰোহিনী বৰা ওৰফে সঞ্জয় অসম বুলি চিনাক্ত কৰিছে।

আনহাতে আৰক্ষীয়ে ধৃত সঞ্জয় অসমৰ পৰা ০.০৩ এটা পিষ্টল, সজীৱ গুলী, চুৰি আৰু অন্যান্য মাৰণাস্ত্ৰ উদ্ধাৰ কৰে। ধৃত আলফা সদস্যজনে অঞ্চলটোত ধন দাবী কৰাৰ উদ্দেশ্যে বাহৰ পাতিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

এক সূত্ৰই অঞ্চলটোত আৰু অলফা সদস্য থাকিব পাৰে লগতে সন্দেহ প্ৰকাশ কৰাৰ লগতে অলাফ (স্বাঃ) ত নতুন সদস্য ভৰ্তিৰ বাবেও অঞ্চলটোত আলফা সদস্যই বাহৰ পতা বুলি সন্দেহ প্ৰকাশ কৰিছে।