তিনিচুকীয়া জিলাৰ জাগুনৰ আহোম পথাৰ গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ

elephent

প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায়ে বনৰীয়া হাতীয়ে তাণ্ডৱ সৃষ্টি কৰি থকাৰ সময়তে তিনিচুকীয়া জিলাতো অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ।

প্ৰাপ্ত তথ্য মতে তিনিচুকীয়া জিলাৰ জাগুনৰ আহোম পথাৰ গাঁৱকে ধৰি বহু গাঁৱত নিশা হোৱা মাত্ৰকে বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই বহু দৰিদ্ৰ পৰিয়ালৰ ঘৰ দুৱাৰ ভঙাৰ ফলত এই পৰিয়াল সমূহ গৃহহাৰা হৈ পৰিছে। আজি বহু দিন ধৰি অঞ্চলটোৰ স্থানীয় ৰাইজে নিশা হ’লেই বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে।

নিশা বনৰীয়া হাতীৰ জাকে চলোৱা তাণ্ডৱৰ ফলত বহু লোকৰ প্ৰাণ যোৱাৰ লগতে বহু লোকে কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে। ইতিমধ্য বহু লোকে বনৰীয়া হাতীৰ তাণ্ডৱৰ ভয়ত নিজ গৃহ এৰি পলায়ন কৰিছে নিৰাপদ ঠাইলৈ।

বন বিভাগ খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷ বন বিভাগে হাতীৰ জাকটোক খেদি পঠিওৱাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷

উল্লেখযোগ্য যে বনৰীয়া হাতীৰ তাণ্ডৱে অঞ্চলটোৰ স্থানীয় ৰাইজক জ্বলা-কলা খুৱাইছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্য চৰকাৰ তথা বন বিভাগে। এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে। বন বিভাগক স্থানীয় ৰাইজে হাতীৰ তাণ্ডৱৰ বিষয়ে অৱগত কৰিছে যদিও আজিলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বন বিভাগে।

ফলত অতি শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা কৰি বন বিভাগক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।