তিনিচুকীয়া জিলাৰ পানীতোলাত সংঘটিত পথ দুৰ্ঘটনাত মাতৃসহ দুই পুত্ৰ নিহত

তিনিচুকীয়া জিলাৰ পানীতোলাত শুকুৰবাৰে পুৱতি নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত তিনিজনকৈ লোকে মৃত্যুক সাবটি ল’ব লগীয়া হোৱা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে শুকুৰবাৰে পুৱতি নিশা একে পৰিয়ালৰে তিনিজন লোক WB-72H-1478 নম্বৰৰ ছুইফট ডিজায়াৰে তিনিচুকীয়া জিলাৰ ভেলাখাট চাহ বাগিচালৈ গৈ আছিল। সেই সময়তে তীব্ৰ গতিবেগত থকা ছুইফট ডিজায়াৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দাঁতিত বাগৰি পৰি এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

ফলত দুৰ্ঘটনাটোত মণিকা কুমাৰ নামৰ মহিলা গৰাকীৰ লগতে মহিলাগৰাকীৰ দুই পুত্ৰ প্ৰিয়ম কুমাৰ আৰু ছাকচন কুমাৰ ঘটনাস্থলীতে নিহত হয়।

প্ৰাপ্ত তথ্য মতে বহনখন মহিলাগৰাকীৰ বৰ পুত্ৰ ছাকচন কুমাৰে চলাই আহিছিল। আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে মাতৃ মণিকা কুমাৰ আৰু পুত্ৰ প্ৰিয়ম কুমাৰৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আৰু আনজন পুত্ৰ ছাকচন কুমাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাকচনক স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।

দুই পুত্ৰক স্কুলত থ’বলৈ অহাৰ পথতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। নিহত আটাইকেইজন তিনিচুকীয়া ভেলাখাট বাগিচাৰ নিৱাসী বুলি জানিব পৰা গৈছে।