তিনিটাকৈ গ্ৰামাঞ্চলৰ পথৰ আধাৰ-শিলা স্থাপন মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ

IMG-20180629-WA0017

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অন্তৰ্গত তিনিটাকৈ পথৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন কৰে সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাই।  ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাবে আবন্টিত ধনেৰে মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কৈলাশপুৰ (ৱাথৈ) ৰাজহুৱা নামঘৰত নিৰ্মাণ হ’বলগীয়া শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ অতিথিশালাৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে হলোংগুটি বাৰীৰ পৰা বেঁতনি লৈ পথ, ডিব্ৰুজানৰ পৰা পপোলাজান পথ আৰু বিজুলী বনৰ পৰা ২নং নতুন মাইথঙলৈ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন কৰে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই।

উল্লেখ্য, স্বাধীনতাৰ ৭০ বছৰে অসম-অৰুণাচল সীমামূৰীয়া এই অঞ্চলসমূহৰ বাট-পথৰ কদৰ্য্য ৰূপে এই গ্ৰামাঞ্চলৰ ৰাইজক জীয়াতু ভুগাই আহিছিল। এই পথকেইটা নিৰ্মাণ হ’লে গ্ৰামাঞ্চলৰ জনসাধাৰণে মাৰ্ঘেৰিটা মহকুমাৰ লগতে তিনিচুকীয়া জিলাৰ অন্যান্য স্থানলৈ যাতায়াত সুচল হব।

অন্যহাতে মাৰ্ঘেৰিটা সমষ্টিৰ গ্ৰামাঞ্চলৰ অন্যান্য বাট-পথসমূহ পৰ্য্যায় ক্ৰমে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিধায়ক ভাস্কৰ শৰ্মাই ভাষণত উল্লেখ কৰিছে। আজি তিনিওটা পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিত থাকে।

আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক ভাস্কৰ শৰ্মাই কয় যে মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰুৱা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত হোৱাৰ ফলত মৰণফান্দৰ সৃষ্টি হৈছে । ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বাৰিষাৰ পাছতে ৰাষ্ট্ৰীয় ঘাই পথটো নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰোপৰি সাময়িক ভাৱে ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিধ্বস্ত স্থানসমূহত শিল দিয়াৰ বাবে এক পুঁজি আবন্টিত কৰি আজিৰে পৰা কাম আৰম্ভ কৰা হৈছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিৰ দাবীত বিভিন্ন দল সংগঠনে ইতিমধ্যে কেইবা লানিও প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ লগতে পথৰ উপৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জাকৈ বাই, হাল বাই প্ৰতিবাদ কৰাৰ উপৰিও লিডুৰ টিৰাপ অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নাওঁ‌ চলাই অভিনৱ প্ৰতিবাদী কাৰ্য্যসূচী হাতত লৈছিল।