NORTHEAST NOW (Assamese)

তিনিবছৰত ৮০০পথ নিৰ্মাণৰ লক্ষ্য গুৱাহাটী পৌৰ নিগমৰ

April 6, 2018 12:58 pm · এন ই নাও নিউজ

সমাগত তিনিবছৰৰ ভিতৰত গুৱাহাটী মহানগৰীত প্ৰায় ৮০০টা পথ- উপপথ নিৰ্মাণৰ লক্ষ্য লৈছে পৌৰ নিগমে। —এই ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াই।

বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি পৌৰ নিগমৰ মেয়ৰ গৰাকীয়ে কয়—  ‘উন্নয়নমূলক কাম- কাজ ক্ষিপ্ৰ গতিৰে আগুৱাই নিয়াৰ বাবে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই প্ৰতিটো ৱাৰ্ডৰ বাবে ১ কোটি টকা মঞ্জুৰি দিয়াৰ বিপৰীতে প্ৰতিজন এৰিয়া সদস্যক ১ লাখ টকাৰ মঞ্জুৰি দিছে’।

ইয়াৰ জৰিয়তে মহানগৰীৰ বাট- পথৰ উন্নয়ন হ’ব বুলি প্ৰকাশ কৰি মেয়ৰ গৰাকীয়ে লগতে কয় যে ঠিকাদাৰ সকলে নিৰ্দিষ্ট নীতি- নিয়মৰ মাজেৰে কাম সমূহ সম্পন্ন কৰি তেওঁলোকৰ পাবলগীয়া ধনৰাশি মোকলাই ল’বলৈ সক্ষম হ’ব।

একেখন সংবাদ মেলতে মেয়ৰ গৰাকীয়ে কয় যে অট্টালিকা নিৰ্মাণৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰসমূহ ২০ এপ্ৰিলত দিয়া হ’ব। সেয়েহে সংশ্লিষ্ট লোকসকলে ১০ এপ্ৰিলৰ ভিতৰতে আসোঁৱাহ সমূহ দূৰ কৰিব লাগিব।

মেয়ৰ শৰণীয়াই লগতে মহানগৰীৰ মাংস ব্যৱসায়ী সকলক সকীয়নি প্ৰদান কৰি কয় যে যদিহে কোনো ব্যৱসায়ীয়ে নিৰ্দিষ্ট নীতি- নিয়ম সমূহ উলংঘা কৰে তেন্তে তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব পাৰে।

মহানগৰীৰ উন্নয়নৰ বাবে পৌৰ নিগম কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে ৰাজধানী চহৰখনৰ বাসিন্দাই সুফল পাব বুলি আশা কৰা হৈছে।

 

Related News