NORTHEAST NOW (Assamese)

তিনি বছৰত মুঠ ১৭৭০ জন অবৈধ বাংলাদেশীক প্ৰত্যৰ্পণ : উদ্বিগ্নতা প্ৰকাশ কেন্দ্ৰৰ

April 16, 2018 4:59 pm · ৰাজীৱ ৰয়

বিগত তিনি বছৰত মুঠ ১৭৭০ জন অবৈধ বাংলাদেশীক বাংলাদেশলৈ প্ৰত্যৰ্পণ কৰা হৈছে। চৰকাৰৰ দ্বাৰা প্ৰকাশিত এই তথ্যই প্ৰমাণ কৰিছে যে দেশত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চললৈ বাংলাদেশীৰ অবৈধ প্ৰব্ৰজন ব্যাপক হাৰত এতিয়াও অব্যাহত আছে। তথ্যটোত প্ৰকাশ পোৱা মতে, কেৱল বাংলাদেশীয়েই নহয়, অবৈধভাৱে প্ৰৱেশ কৰা ৩৩০জন পাকিস্তানৰ নাগৰিককো প্ৰত্যৰ্পণ কৰা হৈছে এই সময়ছোৱাৰ ভিতৰত।
তাতকৈও আচৰিত কথাটো হ’ল এই অবৈধ প্ৰব্ৰজনকাৰীসকল গোপনে আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বুলি চৰকাৰৰ সূত্ৰটোৱে জানিবলৈ দিছে।

“যদিও এনেকুৱা অবৈধ প্ৰব্ৰজনকাৰীৰ সংখ্যা উপলব্ধ নহয়, অবৈধ বিদেশী নাগৰিকে আইন ভংগ কৰা আৰু বে-আইনী কামকাজত জড়িত থকাৰ কিছুমান উদাহৰণ পোৱা গৈছে।” গৃহ দপ্তৰৰ এজন শীৰ্ষ বিষয়াই কয়।

কেন্দ্ৰীয় চৰকাৰে বিদেশী নাগৰিকক বিদেশী নাগৰিক আইন, ১৯৪৬ ৰ ধাৰা ৩ (২)(চি)অধীনত ঘূৰাই পঠাব পাৰে। বিদেশী নাগৰিকক চিনাক্ত কৰা আৰু ঘূৰাই পঠোৱাৰ এই ক্ষমতা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ শাসিত অঞ্চল আৰু ব্যুৰো অব ইমিগ্ৰেইশ্যনকো একেখন আইনে দিছে।

“আইন বলৱৎকাৰী সংস্থাবোৰেও দেশখনত বিদেশী নাগৰিকৰ সক্ৰিয়তাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখে আৰু উপযুক্ত ব্যৱস্থা লয়।” বিষয়াজনে কয়।

মন কৰিব লগীয়া কথাটো হ’ল অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ চলি থকাৰ মাজতে অবৈধ নাগৰিক প্ৰত্যৰ্পণৰ এই খবৰে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

Related News