তৃণমূল কংগ্ৰেছৰ ৬গৰাকী সাংসদ, ১গৰাকী বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে মহিলা আৰক্ষী কনিষ্টবলে

Injured-Woman-police-constable-Rubi-Rani-Das-files-FIR-against-six-MPs-one-MLA-of-Trinamool-Congress-1-570x320

শুকুৰবাৰে শিলচৰৰ কুম্বীৰগ্ৰাম বিমান বন্দৰৰ পৰা পশ্চিম বংগৰ এজন মন্ত্ৰী, এজন বিধায়ক আৰু ৬জন সাংসদকে ধৰি তৃণমূল কংগ্ৰেছৰ ৮জনীয়া দলটোক ওভটাই পঠোৱাৰ কেই ঘণ্টামানৰ ভিতৰতে অসম আৰক্ষীৰ ৰুবী ৰাণী দাস নামৰ মহিলা কনিষ্টবলগৰাকীয়ে কাছাৰ জিলাৰ উধাৰবোন্দ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

ৰুবী ৰাণী দাসে পশ্চিম বংগৰ মন্ত্ৰী ফিৰহাদ হাকিমক বাদ দি ৮জনীয়া দলটোৰ বাকীসকলৰ বিৰুদ্ধে এই গোচৰ তৰিছে।

উধাৰবোন্দ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৩ (জনতাৰ চাকৰিয়ালক কৰ্তব্যত বাধা দিয়া), ধাৰা ৩২৩ (ইচ্ছাকৃতভাৱে আঘাত কৰাৰ শাস্তি) আৰু ধাৰা ৩৩৮ (আনৰ জীৱন আৰু ব্যক্তিগত সুৰক্ষাক আঘাতৰ জৰিয়তে ক্ষতি কৰা)ৰ অভিযোগত ১৭৭/১৮ নং গোচৰ ৰুজু কৰা হৈছে।

গোচৰটো তেওঁ দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত য’ত অভিযোগ কৰা হৈছে তৃণমূল কংগ্ৰেছ নেতাসকলে বিমান বন্দৰৰ পৰা ওলাই নাহিবলৈ কাবৌ কৰাৰ পিছতো তেওঁলোকক বিমান বন্দৰৰ পৰা ওলাই অহাৰ উদ্দেশ্যে শাৰিৰীকভাৱে আঘাত কৰিছিলে, যেতিয়া সমগ্ৰ কাছাৰত চি আৰ পি চি ১৪৪ জাৰি কৰি ৰখা হৈছিল।

তেওঁ তেওঁৰ এজাহাৰত কয় যে অকল তেঁৱেই নহয়, বৰঞ্চ তেওঁৰ এগৰাকী সহকৰ্মী স্বপ্না দাস আৰু ফটোগ্ৰাফাৰ পাৰ্থ শীলো প্ৰতিনিধি দলটোৰ শাৰিৰীক আক্ৰমণৰ বাবে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

নৰ্থ ইষ্ট নাও-ক কাছাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে কয়, ‘বিমান বন্দৰত কৰ্তব্যত নিযুক্ত কৰা এগৰাকী মহিলা আৰক্ষী কনিষ্টবলে দাখিল কৰা এজাহাৰ এখন আমি পাইছো। নেতাৰ (তৃণমূল কংগ্ৰেছৰ) শাৰিৰীক আক্ৰমণত তেওঁ আঘাত পাইছে। যিহেতু সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে অনা অভিযোগ বা এজাহাৰ অনাৰ বাবে প্ৰ’ট’ক’ল মানি চলিব লাগে, উপ আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ আৰক্ষী বিষয়া এজনক মই নিযুক্তি দিছো সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ।’