NORTHEAST NOW (Assamese)

তেজপুৰত নিজৰ মাকক ঘপিয়াই হত্যা কৰা পাষাণ হৃদয়ৰ পুতেকক গ্ৰেপ্তাৰ

June 25, 2018 9:45 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

মানৱতাৰ চৰম সীমা চেৰাই তেজপুৰত আজি এটা পাষণ্ড পুতেকে নিজৰ মাকক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে তেজপুৰৰ সদৰ থানাৰ অন্তৰ্গত পৰ্বতীয়া সাউদৰ চুবুৰীৰ ধ্ৰুৱ বৰা নামৰ যুৱকেজনে দেওবাৰে নিশা নিজৰে মাক সৰুমাই বৰাক ঘপিয়াই দুছেও কৰে। ইয়াৰ পিছতে যুৱকজনে নিজৰ মাকৰ কটা মূৰটো ঘৰৰ এখন বাঁহনীত পেলাই বাকী অংশ ঘৰৰ এটা কুঁৱাত পেলাই দি জাবৰেৰে ঢাকি থয়।

আনহাতে স্থানীয় ৰাইজে মাকক নেদেখাত ধ্ৰুৱক প্ৰশ্ন কৰাত স্থানীয় ৰাইজক দেওবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছে বুলি জানিবলৈ দিয়ে। কিন্তু পিছত স্থানীয় ৰাইজে বাঁহনীৰ মাজত সৰুমাই বৰাৰ কটা মূৰ দেখা পোৱাত তেওঁলোকৰ সন্দেহ ওপজে।

পিছত স্থানীয় ৰাইজে ধ্ৰুৱ বৰাক কৰায়ত্ত কৰি উত্তম-মধ্যম সোধোৱাত বৰাই মাকক হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে। ফলত লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু সৰুমাই বৰাৰ মৃতদেহ কুঁৱাৰ পৰা উদ্ধাৰ কৰে।

লগতে আৰক্ষীয়ে মাতৃ হত্যাকাৰী ধ্ৰুব বৰাক আটক কৰে। ইফালে স্থানীয় ৰাইজে মাতৃ হত্যাকাৰী ধ্ৰুৱ বৰাক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।

Related News