NORTHEAST NOW (Assamese)

তেজপুৰত নিজ ছাৰ্ভিছ ৰাইফলেৰে আত্মহত্যা এছ এছ বি জোৱানৰ

April 16, 2018 10:24 pm · প্ৰণৱ কুমাৰ দাস
প্ৰতিনিধিত্বমূলক ছবি

শোণিতপুৰ জিলাত কালি সন্ধিয়া সংঘটিত এক ঘটনাত দেবেন্দ্ৰ নগৰৰ এছ এছ বি প্ৰশিক্ষণ কেন্দ্ৰত এজন সশস্ত্ৰ সীমা বলৰ জোৱানে নিজা ছাৰ্ভিছ ৰাইফলেৰে ডিঙিত গুলীয়াই আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে।

শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধিক্ষক নুমল মহট্টই জনোৱা মতে আত্মহত্যা কৰা জোৱানজন হৈছে জম্মু-কাশ্মিৰৰ ৰাজ’ৰি জিলাৰ দলজিত শৰ্মা।

৪২ বছৰিয়া দলজিত এছ এছ বিত মুখ্য কনিষ্টবল হিচাপে কৰ্মৰত হৈ আছিল বুলি মহট্টই জানিবলৈ দিয়ে।

মাহাটাই লগতে জানিবলৈ দিয়া মতে, হিমাচল প্ৰদেশৰ পৰা টাৱাঙলৈ বুলি গৈ থকা দলজিত শৰ্মা আৰু তেওঁৰ দলটোৱে কালি আৱেলি তেজপুৰৰ পৰা ১০ কি.মি দূৰত অৱস্থিত এছ এছ বি প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হৈছিল।

আৰক্ষীয়ে ঘটনাস্থলিৰ পৰা দলজিতৰ ছাৰ্ভিছ ৰাইফল, এটা মেগাজিন, ১৯ জাঁই সক্ৰিয় গুলী আৰু এটা খালী কাৰ্টিজ উদ্ধাৰ কৰে।

প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে ইয়াক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে যদিও কি কাৰণত তেওঁ এই পথ বাচি ল’লে তাক এতিয়াও জানিব পৰা হোৱা নাই বুলি মাহাটাই সদৰী কৰে।

ঘটনা সম্পৰ্কত তেজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাঁচমাইল আৰক্ষী চকীত ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে।

আজি পুৱা নিহত জোৱানজনৰ মৃতদেহ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছত এছ এছ বি কৰ্তৃপক্ষক গতাই দিয়া হয়।

Related News