শোণিতপুৰ জিলাৰ তেজপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ইণ্ডিৰা নগৰ গাঁৱৰ ৰাস্তাৰ মেৰামতিৰ বাবে আবণ্টন কৰা ধনৰ বিত্তীয় খেলিমেলিয়ে অঞ্চলটোৰ আবাসী সকলৰ মাজত অসন্তোষ্টিৰ সৃষ্টি কৰিছে। এই সম্পৰ্কত গাঁওবাসীয়ে বিষয়টোত যথাযোগ্য অনুসন্ধান কৰিবলৈ গাভৰু আঞ্চলিক গাঁও পঞ্চায়তৰ তদাৰক কমিটিক এখন স্মাৰকপত্ৰ দাখিল কৰে। প্ৰাপ্ত তথ্য মতে ইণ্ডিৰা নগৰ ৰবৰ বাগান হৈ ধনোৱা নগৰ প্ৰেট্ৰল পাম্পৰ পৰা বুৰাডাঙৰীয়া ঠানলৈ থকা তেজপুৰৰ মূল পথ সংযোগী প্ৰায় ৩০০ মিটাৰৰ পথটো প্ৰায় বিধ্বস্ত হৈ পৰাত সংশ্লিষ্ট কৰ্তৃপক্ষই পথটোৰ মেৰামতিৰ বাবে অনুমোদন জনাইছিল। মন কৰিব লগীয়া যে উক্ত পথটো বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২০০০ আবাসীৰ বাবে জীৱন ৰেখা স্বৰূপ। উল্লেখযোগ্য যে এজন ঠিকাদাৰে পথটোৰ কাষৰ পুৰণি নলাটোৰ মেৰামতিৰ লগতে নতুনকৈ এটা নলা খান্দিবলৈ লোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত কিছু আশাৰ সঞ্চাৰ হোৱা দেখা যায়। কিন্তু পথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ নকৰাকৈ কেৱল পুৰণি নলাটো মেৰামতি আৰু নতুনকৈ মাত্ৰ ৩০ ৰ পৰা ৪০ মিটাৰৰ এটা নলা খান্দিয়েই ঠিকাদাৰজন অন্তৰ্ধান হৈ পৰে। লক্ষণীয় যে অঞ্চলবাসীয়ে পিছত ধনোৱা নগৰ প্ৰেট্ৰল পাম্পৰ কাষত লগাই থোৱা এখন ফলকৰ পৰা গম পাই যে উক্ত পথটোত ১৩৫ মিটাৰ দৈৰ্ঘ্যৰ নলাৰ কামৰ বাবে ৪,৯৯,৩০০ টকাৰ পুঁজি আবণ্টন দিয়া হৈছিল। পথৰ মেৰামতিৰ কাম সম্পূৰ্ণ নকৰাকৈ এই দৰে ৰাজহুৱা ধনৰ অপচয় কৰা কাৰ্যই অঞ্চলবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে গাঁও পঞ্চায়তক বিষয়টো তদন্তৰ বাবে উক্ত স্মাৰকপত্ৰ প্ৰদান কৰে।
তেজপুৰত পথ মেৰামতিত বিত্তীয় খেলিমেলিৰ অভিযোগ স্থানীয় ৰাইজৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
দিপ কুমাৰ কলিতা
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
দিপ কুমাৰ কলিতা
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
দিপ কুমাৰ কলিতা
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
দিপ কুমাৰ কলিতা
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
দিপ কুমাৰ কলিতা
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
দিপ কুমাৰ কলিতা
September 16, 2024 1:06 pm