NORTHEAST NOW (Assamese)

তেজপুৰ পৰ্যটন সম্ভাৱনাৰে ভৰি আছে : ৰাজ্যপাল জগদীশ মুখী

December 19, 2017 10:30 pm · দীপ কলিতা

মঙলবাৰে তেজপুৰত আয়োজিত এখন সভাত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে তেজপুৰত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে, ইয়াক সম্পূৰ্ণ ব্যৱহাৰ কৰা দৰকাৰ। ‘অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত বহুত চহকী আৰু তেজপুৰ পৰ্যটনৰ সম্ভাৱনাৰে ভৰি আছে। ৰাজ্যখনলৈ পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ঐতিহাসিক স্থান, যাতায়াত ব্যৱস্থা আৰু ইণ্টাৰনেট ব্যৱস্থাক সুচল কৰি তুলিব লাগিব।’ তেওঁ লগতে কয়। ৰাজ্যপাল গৰাকীয়ে অনুষ্ঠানটোত স্বচ্ছ ভাৰত অভিযানৰ যথাযথ ৰূপায়ণৰ উপৰতো গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে তেজপুৰ ভ্ৰমণসূচীত ৰাজ্যপাল গৰাকীয়ে জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ৰ বিষয়-ববীয়া সকলৰ লগতো এক আলোচনাত মিলিত হয়। উক্ত আলোচনাত শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা, আৰক্ষী অধীক্ষক পি পি সিং, আৰু অন্যান্য বিষয়া সকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে তেওঁ তেজপুৰত চলি থকা উদ্যোগ আৰু বাণিজ্যমেলাত আয়োজিত এক অনুষ্ঠানত অংশ লয়। য’ত তেওঁ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখন স্মৰণিকাও উন্মোচন কৰে।

Related News