ত্ৰিপুৰাত অষ্টমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ আশাবাদী বাওঁমৰ্চা

ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনত বিজয়ী হৈ অষ্টমবাৰৰ বাবে বাওঁমৰ্চা চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি শণিবাৰে দৃঢ়তা প্ৰকাশ কৰিছে চিপিআইএমে।

ত্ৰিপুৰাত অহা ২০১৮ ৰ ৬ মাৰ্চত বৰ্তমান চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পিছতে নিৰ্বাচন অনুষ্ঠিত হ’ব।

ৰাজ্যখনত ৬০ টা বিধানসভা সমষ্টি আছে আৰু ১৯৯৩ চনৰ পৰাই ইয়াত মানিক সৰকাৰ নেতৃত্বাধীন চৰকাৰখন শাসনত উপবিষ্ট হৈ আছে।

দলৰ ৰাজ্যিক কমিটিৰ এদিনীয়া বৈঠকৰ সামৰণি পৰাৰ অন্তত শণিবাৰে আবেলি আগৰতলাৰ চিপিআইএমৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত চিপিআইএমৰ জ্যেষ্ঠ নেতা তথা দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য গৌতম দাসে কয় যে যোৱা পাঁচ বছৰত বাওঁমৰ্চা চৰকাৰখনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰাই বিপুল সমৰ্থন তথা ইতিবাচক সঁহাৰি লাভ কৰি আহিছে। তেওঁ আশা ব্যক্ত কৰে যে বাওঁমৰ্চাই পৰৱৰ্তী নিৰ্বাচনত অধিক ভোটৰ লগতে অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব।

‘’ নিৰন্তৰ ষড়যন্ত্ৰ আৰু ৰাজ্যখনৰ শান্তি তথা সম্প্ৰীতি বিনষ্ট কৰাৰ প্ৰচেষ্টা সত্বেও ত্ৰিপুৰাৰ শান্তিপ্ৰিয় জনসাধাৰণে পৰৱৰ্তী নিৰ্বাচনত বিভেদকামীসমূহক পৰাভূত কৰি অষ্টমখন বাওঁমৰ্চা চৰকাৰ গঠনত সহায় কৰিব,’’-তেওঁ কয়।

দাসে গাওঁ পঞ্চায়ত, নগৰ পালিকা, পৌৰসভা আৰু ত্ৰিপুৰা জনজাতি অঞ্চল স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনসমূহত মৰ্চাই লাভ কৰা ভোটৰ হাৰ বৃদ্ধিৰ দিশটো আঙুলিয়াই দি কয় যে ২০১৩ৰ বিধানসভা নিৰ্বাচনৰ পিছত এইবাৰ আসনৰ সংখ্যা বৃদ্ধি পাব। অহা ৩১ ডিচেম্বৰত আগৰতলাৰ স্বামী বিবেকানন্দ কেন্দ্ৰত বাওঁমৰ্চাৰ নিৰ্বাচনী সমাবেশ অনুষ্ঠিত হোৱাৰ কথাও দাসে ঘোষণা কৰে।

উক্ত সমাৱেশত চিপিআইএমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, চিপিআইৰ নেতা ডি ৰাজা আৰু মনোজ ভট্টাচাৰ্য, নৰেন চেটাৰ্জীৰ দৰে আন বাওঁমৰ্চাৰ নেতাই অংশগ্ৰহণ কৰিব।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী তথা পুলিটবুৰোৰ সদস্য মানিক সৰকাৰ আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য অঘোৰ দেৱবাৰ্মাইও সমাৱেশত ভাষণ দিব।

দাসে দৃঢ়ভাৱে কয় যে ৩১ ডিচেম্বৰৰ গণ সমাৱেশখনে ৰাজ্যখনৰ পূৰ্বৰ সকলো নিৰ্বাচনী সভাৰ অভিলেখ ভংগ কৰিব আৰু ত্ৰিপুৰাৰ ইতিহাসত বৃহত্তম সমাৱেশ হিচাপে পৰিগণিত