নিউজ এক্স-জন কী বাতে ১৮ ফেব্ৰুৱাৰিত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ত্ৰিপুৰাত দুই দশকজোৰা চি পি আই (এম) চৰকাৰৰ অৱসানৰ ভৱিষ্যদ্বাণী কৰিছে।
তেওঁলোকে চলোৱা সমীক্ষাই বিজেপি-আই পি এফ টিৰ বিজয়ৰ ভৱিষ্যদ্বাণী কৰিছে। ৱান ইণ্ডিয়াৰ প্ৰতিবেদন মতে সমীক্ষাটো অনুসৰি বিজেপি মিত্ৰজোঁটে ৬০ জনীয়া বিধানসভাৰ ৩১-৩৭ খন আসন দখল কৰিব।
শাসনাধিষ্ঠিত চি পি আই (এম)এ ২৩-২৯ খন আসন পোৱাৰ বিপৰীতে কংগ্ৰেছ আৰু অন্যান্য দলে ৰাজ্যখনত কোনো আসন নাপায়।
সমীক্ষাটো অনুসৰি দেশৰ দৰিদ্ৰতম মুখ্য মন্ত্ৰী মানিক চৰকাৰ ধানপুৰ সমষ্টিত পুনৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।
চৰকাৰে ১৯৯৮ চনৰ ১১ মাৰ্চত শাসনভাৰ হাতত লৈছিল। চি পই আই (এম)ৰ পলিটব্যুৰ’ সদস্য চৰকাৰে ৮ম বাৰৰ বাবে ৰাজ্যখনত বাওঁ চৰকাৰ গঠনৰ বাবে ৰাইজৰ ভোট ভিক্ষা কৰিছে।
বিজেপি মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে বিভাজনমূলক ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি চৰকাৰে অভিযোগ কৰি আহিছে।
১৮ ফেব্ৰুৱাৰিত ভোটগ্ৰহণ হ’ব লগা ৬০ জনীয়া বিধানসভাখনৰ ভোট গণনা হ’ব ৩ মাৰ্চ তাৰিখে।