ত্ৰিপুৰাত গেৰুৱা বাহিনীৰ সমৰ্থকে ভাঙিলে লেনিনৰ প্ৰতিমূৰ্তি  

tripura-lenin-statue

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ ৪৮ ঘণ্টা পাছতেই ৰাজ্যখনত দেখা গ’ল এটা অদ্ভুট ঘটনা। ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী তথা সমৰ্থকসকলে জেছিবিৰ সহায়েৰে ভাঙি পেলালে কমিউনিষ্ট আইকন লেনিনৰ প্ৰতিমূৰ্তি । গেৰুৱা বাহিনীৰ সমৰ্থকসকলে লেনিনৰ মূৰ্তিটো ভাঙি থকাৰ সময়ত মুখেৰে আওৰাইছিল ভাৰত মাতা কি জয়।

ৰাজ্যখনত গেৰুৱা দল বিজেপিয়ে চিপিআই(এম)ক পৰাজিত কৰি ৩৫খন আসন দখল কৰাৰ পিছতেই বিজয় উৎসৱৰ অংশ হিচাপে সোমবাৰে কৰ্মী-সমৰ্থকসকলে জেচিবিৰ সহায়েৰে দক্ষিণ ত্ৰিপুৰাৰ বেলোনিয়া চহৰত অৱস্থিত কমিউনিষ্ট বিপ্লৱৰ সূচনাকাৰী ভ্লাদিমিৰ ইলিচ উলেয়ান’ভ ওৰফে সৰ্ব পৰিচিত লেনিনৰ প্ৰতিমূৰ্তিটো ভাঙি পেলায়।

উল্লেখ্য যে ত্ৰিপুৰাত ২৫ বছৰ শাসন কৰা বাঁও পন্থীৰ অৱসান ঘটায় ৰাজ্য দখল কৰিলে গেৰুৱা বাহিনীয়ে। ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মানিক সৰকাৰে ইতিমধ্যে যোৱা দেওবাৰে ৰাজ্যপালৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰিছে।

২৫ বছৰৰ অন্তত ত্ৰিপুৰাত অন্য দল অৰ্থাৎ বিজেপি আৰি আইপিএফটিৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে।

ৰাজ্যখনৰ জনসাধাৰণে নতুন মুখ্য মন্ত্ৰীৰূপে লাভ কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি বিপ্লৱ কুমাৰ দেৱক।

 

জানিব পৰা অনুসৰি অহা ৮ মাৰ্চৰ দিনা অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি দলৰ শীৰ্ষ পৰ্যায়ৰ নেতৃত্ব উপস্থিত থকাৰ সম্ভাৱণা আছে।

লক্ষ্যণীয় যে কমিউনিষ্ট আইকন লেনিনৰ প্ৰতিমূৰ্তি ভঙা সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে টুইটাৰ যোগে এখন আলোকচিত্ৰও প্ৰকাশ কৰা দেখা যায়। তেওঁ টুইট যোগে কয়, ‘মানুহে লেনিনৰ মূৰ্তি ভাঙিছে…ৰাছিয়াত নহয়, এয়া ত্ৰিপুৰাত, চলো পালটাই’।

অৱশ্যে ৰাম মাধৱে প্ৰকাশ কৰা টুইটতো অৱশেষত মচি পেলায়।

বিজেপিৰ কৰ্মীয়ে লেনিনৰ প্ৰতিমূৰ্তি ভঙা সন্দৰ্ভত ৰাজ্যখনৰ বাঁও পন্থী নেতাসকলে এতিয়ালৈ কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই।